Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিনিচুকীয়াৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ বিজেপিৰ বুথ সভাপতি হত্যাক লৈ বুঢ়ীদিহিং গাঁও পঞ্চায়ত এলেকাত আজিও আছে তীব্ৰ উত্তেজনা; হত্যাকাৰী জয় চন্দ্ৰ গগৈক গ্ৰেপ্তাৰ

গণ বাৰ্তা, ফিল'বাৰী , ১৩ মাৰ্চ : শুকুৰবাৰে সন্ধিয়া  তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ ৬ নং ৱ...


গণ বাৰ্তা, ফিল'বাৰী , ১৩ মাৰ্চ
: শুকুৰবাৰে সন্ধিয়া  তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ড অন্তৰ্গত ডুমডুমা নগাঁৱত বিজেপি দলৰ ২০ নং বুথ সমিতিৰ সভাপতি দেবানন্দ গগৈক চুৰি মাৰি  হত্যা কৰাৰ  ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলটোত তীব্ৰ উত্তেজনা আৰু চাঞ্চল্য অব্যাহত আছে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া একে গাঁৱৰে জয়চন্দ্ৰ গগৈ নামৰ এক দুৰ্বৃত্তই বিজেপিৰ বুথ সভাপতি জনক নিজ ঘৰৰ পিছফালে  কাম কৰি থকাৰ সময়তেই আন্ধাৰৰ সুযোগ লৈ পিছফালে  চুৰি মাৰে আৰু তেওঁক চিকিৎসালয় লৈ নিয়াৰ পথত মৃত্যুৰ মুখত পৰে। আৰু ফিল'বাৰী আৰক্ষীয়ে অভিযুক্ত জয় চন্দ্ৰ গগৈক নিশায়েই কৰায়ত্ব কৰে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজমান কৰাৰ সময়তেই আজি  পূৱাৰ ভাগৰ পৰাই বিজেপিৰ দলীয় কৰ্মীয়ে মৃত বুথ সভাপতি দেৱানন্দ গগৈৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হৈছে। আনহাতে, স্থানীয় লোকৰ পৰা জানিব পৰা মতে অভিযুক্ত জয় চন্দ্ৰ গগৈ কোনো ৰাজনৈতিক দলৰেই সদস্য নহয় , মাত্ৰ নতুনকৈ অসমত জন্ম  লাভ কৰা অসম জাতীয় পৰিষদ দলৰ সমৰ্থকহে আছিল।আজি দিনৰ ভাগত মাৰ্ঘেৰিটাৰ বিধায়ক তথা চলিত বিধান সভা নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মা  উপস্থিত হৈ শুকুৰবাৰে সন্ধিয়া ভাগত হোৱা হত্যাকাণ্ডৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আইনে নিজৰ পথেৰে এই হত্যাকাণ্ডৰ বিচাৰ কৰিব বুলি কয়। ঘটনাস্থলীত উপস্থিত হোৱা বিধায়ক গৰাকীক  স্থানীয় ৰাইজে দেবানন্দ গগৈৰ পৰিয়ালক কৰ্ম সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ  অনুৰোধ জনায়।লগতে সমগ্ৰ বুঢ়ীদিহিং লগতে মাৰ্ঘেৰিটা সমষ্টি ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনাই।যিহেতু ঘটনাটো গাওঁ খনৰ বিজেপি চৰকাৰে পথ নিৰ্মাণ কে আদি কৰি অন্য উন্নয়নৰ কাম নকৰাৰ বাবে হত্যাকাণ্ড ঘটনা হোৱা আকাংক্ষা কৰি বিধায়ক ভাস্কৰ শৰ্মাই অঞ্চলটোৰ সমুহ পথ অতি সোনকালে পকীকৰণ কৰি উক্ত পথটোৰ নাম দেৱাকান্ত গগৈৰ নামৰ উৎসৰ্গা কৰিব বুলি জানিব দিছে।দেবানন্দ গগৈৰ বাস ভৱনত উপস্থিত থকা স্থানীয় গাঁওবুঢ়া আৰু ৰাইজে অভিযুক্ত জয় চন্দ্ৰ গগৈ এটা মানসিক ভাৰসাম্য হেৰুৱা লৰা আৰু  আগতেও নিজ পিতৃকো  দাৰে ঘপিয়াই আহত কৰিছিল  বুলি ব্যক্ত কৰে।আনহাতে , যিকোনো সময়ত কোনো অবাঞ্চিত ঘটনা সংঘটিত হোৱা সন্দেহ কৰি প্ৰশাসনে গোটেই অঞ্চলটো অসম আৰক্ষী,চি আৰ পি এফ আৰু ভাৰতীয় সেনা বাহিনীৰ জোৱান মোটায়ন কৰিছে।অৱশ্যে , এই ঘটনাৰ সন্দৰ্ভত আৰক্ষী আৰু প্ৰশাসনে এতিয়াও একো বক্তৱ্য আগবঢ়োৱা নাই।আজি সন্ধিয়া ভাগত দেৱাকান্ত গগৈৰ মৃতদেহ  তিনিচুকীয়াত মৰনোত্তৰ পৰীক্ষা কৰি আনি নিজৰ বাসগৃহত প্ৰশাসনে চমজাই দিয়ে।মৃতদেহ বাসগৃহত আহি পোৱা লগে লগে ঘৰ খনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।এক শোকাকুল পৰিৱেশত দেৱাকান্ত গগৈৰ মৃতদেহ নিজা বাসগৃহত অন্তোষ্টিক্ৰিয়া সমাপন কৰে।ইফালে সন্ধিয়া ভাগত অসম জাতীয় পৰিষদৰ বুঢ়ীদিহিং মাণ্ডলিক সমিতিয়ে ২ নং হোলোং  নগাঁওত এক সংবাদমেল আয়োজন কৰে।সংবাদমেল আয়োজন কৰি কয় যে মাৰ্ঘেৰিটা সমষ্টিৰ সমিতিৰ বুঢ়ীদিহিং  মৌজাৰ ১ নং ডুমডুমা নগাঁওত যি হত্যাকাণ্ড সংঘটিত হল উক্ত হত্যাকাণ্ড অসম জাতীয় পৰিষদ কোনো কাৰনতে জড়িত নহয় বুলি  দাবী কৰে।উক্ত হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তি জয় চন্দ্ৰ গগৈ এজন মানসিক বিকাৰগ্ৰস্ত ৰোগী হে বুলি দাবী কৰে।ইফালে বিজেপি দলে উক্ত ঘটনাক লৈ চচিয়েল মেডিয়া লগতে অন্যান্য মাধ্যমত অজাপ দলক দোষাৰোপ কৰি ঘটনাটোক যি ৰাজনৈতিক কৰিবলৈ বিছাৰিছে তেনে কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে।বিজেপি দলে অজাপ দল জন্ম হৈয়েই মাৰ্ঘেৰিটা সমষ্টি লগতে বুঢ়ীদিহিং মৌজাৰ যি উত্থান হৈছে উক্ত উত্থান দেখি পৰাজয়ৰ নিশ্চিত বুলি জানি দলটোৰ ওপৰত এনে বদনাম কৰিছে বুলি দাবী তুলি এনে কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই।

No comments