ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৫ মাৰ্চ : যোৰহাটৰ চেণ্ট্ৰেল ক্লাৱত দেওবাৰে অনুষ্ঠিত হয় প্ৰণেতা পদ্মশ্রী আব্দুছ ছাত্তাৰৰ সোঁৱৰণী অনুষ্ঠান । বিশিষ্...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১৫ মাৰ্চ : যোৰহাটৰ চেণ্ট্ৰেল ক্লাৱত দেওবাৰে অনুষ্ঠিত হয় প্ৰণেতা পদ্মশ্রী আব্দুছ ছাত্তাৰৰ সোঁৱৰণী অনুষ্ঠান । বিশিষ্ট শিক্ষাবিদ ড0 আদিল উল ইয়াচিনে সভাপতিত্ব কৰা অনুষ্ঠানটোত আব্দুছ ছাত্তাৰৰ আৰু বাহাদুৰ গাঁওবুঢ়াৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ড0 বসন্ত গোস্বামীয়ে । উক্ত অনুষ্ঠানতে আব্দুছ ছাত্তাৰে তাহানিতে লিখা বাহাদুৰ গাঁওবুঢ়াৰ সন্দৰ্ভত লিখা বাহাদুৰ গাওঁবুঢ়া গ্ৰন্থ তৃতীয় সংস্কৰণ উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড0 ফাৰুক চাদুদ্দিনে । অনুষ্ঠানটোত সমাজ কৰ্মী তমজিদুৰ ৰহমান ,ইমৰান হুছেইন ,বিশিষ্ট সাহিত্যিক - শিক্ষাবিদ ড0 বসন্ত গোস্বামীকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত আছিল ।
No comments