Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাংস্কৃতিকবান যুৱক হেমন্ত শইকীয়াৰ সোঁৱৰণত স্মৃতিচাৰণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ৭মাৰ্চ : দক্ষিণ যোৰহাটৰ ঢেকিয়াজুলি অঞ্চলৰ দক্ষিণ সোণাৰি গাঁৱৰ নিবাসী তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত অমায়িক...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ৭মাৰ্চ : দক্ষিণ যোৰহাটৰ ঢেকিয়াজুলি অঞ্চলৰ দক্ষিণ সোণাৰি গাঁৱৰ নিবাসী তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত অমায়িক উদীয়মান যুৱক হেমন্ত শইকীয়া(দাদুৰ) অকাল বিয়োগত আজি যুৱক জনৰ আদ‍্যশ্ৰাদ্ধ উপলক্ষে নিজা গৃহত তেওঁৰ স্মৃতিত এখনি স্মৃতি চাৰণ সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান  অনুষ্ঠিত হয়।তদুপলক্ষে শোক সন্তপ্ত পৰিয়াল বৰ্গৰ লগতে বন্ধুবৰ্গ, আত্মীয় স্বজন,   ,গুণমুগ্ধ অগণন ৰাইজৰ উপস্থিতিত  প্ৰয়াত যুৱক জনৰ প্ৰতিছবিত  এগছি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল চন্দ্ৰ বৰদলৈয়ে। মিলিত যুৱসমাজৰ সভাপতি মাণিক শইকীয়াই আঁত ধৰা অনুষ্ঠানতেই ক্ৰীড়া প্ৰেমী অমায়িক শিক্ষিত যুৱক জনলৈ উপস্হিত ব‍্যক্তি সকলে শ্ৰদ্ধা নিবেদন জনোৱাৰ পাছতেই এটি ঘোষাৰে  স্মৃতি চাৰণ সভা সঞ্চালনা কৰে অতুল ঢন্দ্ৰ বৰদলৈয়ে।অনুষ্ঠানত ক্ৰমে বুবুল চন্দ্ৰ বৰদলৈ,চন্দ্ৰ ধৰ বৰদলৈ,ভোগেশ্বৰ   শ ইকীয়া,অমিতাভ বৰদলৈ, গোলাপ চন্দ্ৰ বৰা,ক্ষেত্ৰধৰ বৰুৱা প্ৰমুখ্যে ঢেকিয়াজুলি যুৱক সংঘৰ সভাপতি হেমন্ত মঙ্গল বৰদলৈ,জালুকনিবাৰীৰ বিশ্বজ‍্যোতি ৰঙ্গমঞ্চৰ সভাপতি পিঙ্কু বুঢ়াগোহাঁই, মিলিত যুৱসমাজৰ বিষয় ববীয়া,ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি আদিত‍্য গগৈকে প্ৰমুখ্যে কৰি বহু বিশিষ্ট ব‍্যক্তিয়ে  যুৱক জনে সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষকৈ অভিনয়,ক্ৰীড়া ক্ষেত্ৰ খনৰ স্মৃতি ৰোমণ্ঠন কৰে। উল্লেখ‍্য যে স্হানীয় তিতাৰাম বৰদলৈ উ:মা:বিদ‍্যালয়ৰ এসময়ৰ এন চি চিৰ ছাত্ৰ জনে উৰিষ্যাত অনুষ্ঠিত ৰাষ্ট্ৰীয় সংহতি দিৱসত অংশগ্ৰহণ কৰি অসম তথা বিদ‍্যালয়লৈ সন্মান কঢ়িয়াই অনাৰ লগতে তেওঁৰ আৰ্দশ সজীৱ কৰি ৰাখিবলৈ  অতুল চন্দ্ৰ বৰদলৈয়ে নৱপ্ৰজন্মক আহ্বান জনায়।

No comments