Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নাহৰকটীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

গণ বাৰ্তা, ডিব্ৰুগড়, ১৫ মাৰ্চঃ ১২০নং নাহৰকটীয়া সমষ্টিত সোমবাৰে বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি উপস্থিত হয় মুখ্যমন্ত...


গণ বাৰ্তা, ডিব্ৰুগড়, ১৫ মাৰ্চঃ ১২০নং নাহৰকটীয়া সমষ্টিত সোমবাৰে বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিজেপি শাসিত আন এখন ৰাজ্য মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান৷ নাহৰকটীয়াৰ নগাঁৱ ৰাজহুৱা খেলপথাৰত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোনোৱালে নিজ চৰকাৰৰ প্ৰশস্তি বন্দনাৰে কয় যে, তেওঁৰ চৰকাৰৰ দিনত মন্ত্ৰী বিধায়কক ঘোঁচ দি কাম উলিওৱা ব্যৱস্থাৰ বিলুপ্তি ঘটিছে। একেদৰে নিবনুৱা যুৱক-যুৱতীয়েও চাকৰি মেধা আৰু যোগ্যতাৰ বলত পোৱাটো তেওঁৰ চৰকাৰেই নিশ্চিত কৰিলে বুলিও সৰ্বানন্দ সোনোৱালে দাবী জনায়৷ আনহাতে অতিথি কেম্পেইনাৰ শিৱৰাজ সিং চৌহানেও সোনোৱালৰ কাৰ্যকালত অসম ভাৰতৰ ভিতৰতে এখন উন্নত আৰু শান্তি বিৰাজমান ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলিও দাবী কৰি বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰি পঠিয়াবলৈ আহ্বান জনায়। প্ৰায় তিনি সহস্ৰাধিক লোকৰ সমাৱেশ ঘটা নিৰ্বাচনী প্ৰচাৰ সভাখনত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বিজেপিৰ ৰাজ্যিক সম্পাদক পুলক গোহাঁই আদিও উপস্থিত আছিল৷

No comments