গণ বাৰ্তা,মন্দিয়া,১২ মাৰ্চঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বাৰাকাটাত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা (PMGSY) ৰ কামক লৈ অঞ্চলটোৰ ৰাইজে প্ৰতিব...
গণ বাৰ্তা,মন্দিয়া,১২ মাৰ্চঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বাৰাকাটাত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা (PMGSY) ৰ কামক লৈ অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে যোৱা দুবছৰ পূৰ্বে "বাৰাকাটাৰ পৰা ৪নং বৰদলনী লৈ" শীৰ্ষক প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা পথচোৱা নামফলক লগাই উদ্ধোধন কৰিছিল যদিও যোৱাকালি এটা টি,ভি চেনেলৰ টকশ্ব'ত ঠিকাদাৰজনে কৰা উক্ত কাম সন্দৰ্ভত বিস্ফোৰক তথ্য উলাই পৰে। আচনিটোৰ কামৰ বিপৰীতে আজিৰ পৰা এবছৰ পূৰ্বেই ৬০ লাখ টকা ঠিকাদাৰ জনে মুকলাই লোৱাৰ কথা ৰাইজে উমান পোৱাৰ পিছতেই আজি অসম্পূৰ্ণ ৰাস্তটোৰ মাজত থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।ঠিকাদাৰ ৰাজিব আহমেদৰ এনে আচৰণে সৰ্বসাধাৰণ ৰাইজে ঠিকাদাৰ ৰাজিব আহমেদ গ'বেক,ঠিকাদাৰ ৰাজিব আহমেদৰ দূৰ্ণীতি নচলিব আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। উক্ত অসম্পন্ন পথচোৱা বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লৈ বানপানী অহাৰ আগতে সম্পন্ন কৰিবলৈ সচেতক মহলে দাৱী জনায়।ঠিকাদাৰ ৰাজীৱ আহমেদে অতি সোনকালে পথচোৱাৰ কাম সম্পন্ন নকৰিলে আইনগত ব্যৱস্থা লব বুলি দাবী জনায় স্থানীয় ৰাইজে।
No comments