Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দুধনৈত দল ত্যাগ প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা আৰু কংগ্ৰেছ নেতা দিগন্ত ৰাভাৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মোক্ষম আঘাত।  গণবাৰ্তা, দুধনৈ, ২১ মাৰ্চ:- দুধনৈত কংগ্ৰেছৰ বিপৰ্যয় ! এইবাৰ দল আৰু দলৰ নেতৃত্বৰ বিৰ...

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মোক্ষম আঘাত। 
গণবাৰ্তা, দুধনৈ, ২১ মাৰ্চ:- দুধনৈত কংগ্ৰেছৰ বিপৰ্যয় ! এইবাৰ দল আৰু দলৰ নেতৃত্বৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আনি দল ত্যাগ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰণয় ৰাভা আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দিগন্ত ৰাভাই । বৃহৎ ধনৰ লেনদেন কৰি প্ৰাৰ্থীক টিকট প্ৰদানৰ গুৰুতৰ অভিযোগ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰীৰ ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত দুধনৈ সমষ্টিত কংগ্ৰেছত মোক্ষম আঘাট । দলৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আনি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী প্ৰণয় ৰাভা আৰু এইবাৰৰ দুধনৈ সমষ্টিৰ প্ৰাৰ্থীত্বৰ দৌৰত প্ৰৱল দাবীদাৰ হিচাবে থকা কংগ্ৰেছ নেতা দিগন্ত ৰাভাই ৷ দুধনৈত এখন সংবাদমেলৰ জৰিয়তে প্ৰণয় ৰাভাই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে এটাৰ পিচত আন এটা গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়- নিৰ্বাচনত টকাৰ বিনিময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু অসম বিধানসভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। ৰাজ্যৰ প্ৰায় ১৮ লাখ ৰাভা জনগোষ্ঠীক কেৱল মাথোঁ প্ৰতাৰণা হে কৰি আহিছে বছৰ বছৰ ধৰি কংগ্ৰেছ দলটোয়ে ৷ জিকাৰ সম্ভাৱনা থকা চাৰি গৰাকীকৈ প্ৰাৰ্থী থকাৰ পিছতো ৰাভা লোকক প্ৰদান কৰা নহ’ল দলীয় টিকট ! BTR ৰ ১২ টা সমষ্টি এৰি দিছে কিন্তু ৰাভা হাছঙৰ মুখ্য কেন্দ্ৰবিন্দু দুধনৈত ৰাভা সকলোৰ সংখ্যাগৰিষ্ঠতা থকা পিচতো ৰাভা জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰদান নকৰিলে দলীয় টিকট ৷ এই বেলি চাৰি গৰাকী ৰাভা জনগোষ্ঠীৰ লোকে কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰিছিল দুধনৈত কিন্তু সকলোকে প্ৰতাৰণা কৰি বৃহৎ টকাৰ লেনদেন কৰি আন এজনকহে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে বুলি অভিযোগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে৷ ৰাজ্যৰ ১৮ লাখ ৰাভা জনগোষ্ঠীক প্ৰণয় ৰাভাৰ আহ্বান যে, কংগ্ৰেছ ত্যাগ কৰক আৰু এই দলটোক ভোট দিয়াৰ পৰা বিৰত থাকক ৷ কংগ্ৰেছত এতিয়া লবীকেন্দ্ৰীক ৰাজনীতি চলে৷

No comments