Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢেকীয়াজুলি সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশোক সিংহলৰ বিৰুদ্ধে ক্ষোভ উত্তৰাঞ্চলৰ যুৱ সমাজৰ

  গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি, ১০ মাৰ্চ : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলপৰ্ব সম্পূৰ্ণ হোৱাৰ পিছতেই দলীয় আৰু নিৰ্দলীয় প্ৰাৰ্থী সকল ...

 


গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি, ১০ মাৰ্চ : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলপৰ্ব সম্পূৰ্ণ হোৱাৰ পিছতেই দলীয় আৰু নিৰ্দলীয় প্ৰাৰ্থী সকল নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈছে ৷ ঢেকীয়াজুলি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি, কংগ্ৰেছ, জাতীয় পৰিষদ,ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকল নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হোৱাৰ সময়তে ঢেকীয়াজুলি সমষ্টিত উওৰাঞ্চলৰ বন গাওঁ অঞ্চলত বসবাস কৰা লোক সকল ভোট বিচাৰি যোৱা প্ৰাৰ্থী আৰু নেতা সকলক এসেকা দিবলৈ সাজু হৈছে ৷ উত্তৰ অঞ্চলত বসবাস কৰা লোক সকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে স্থানীয় ৰাইজে দাবী জনাই অহাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি আৰু চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ এই ক্ষেত্ৰত সফলতা নোপোৱাত স্থানীয় জনপ্ৰতিনিধি গৰাকীক এইবাৰ নিৰ্বাচনত এসেকা দিবলৈ ৰাইজ তৎপৰ হৈ পৰিছে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই অহাৰ পিছতো ঢেকীয়াজুলি সমষ্টিৰ বৰ্তমানৰ বিধায়ক অশোক সিংহলে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ক্ষুব্ধ ৰাইজে ৷ গতিকে এইবাৰ মৌখিক প্ৰতিশ্ৰুতিৰ পৰিবৰ্তে লিখিত প্ৰতিশ্ৰুতিলৈহে যি কোনো প্ৰাৰ্থীক সমৰ্থন কৰা হ’ব বুলি উত্তৰ অঞ্চলৰ যুৱ সমাজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ উত্তৰ অঞ্চলৰ যুৱ সমাজে এইবাৰ কথাত নহয় লিখিত প্ৰতিশ্ৰুতিৰ বাবে হাতত দলিল লৈ সাজু হৈছো। তেওঁলোকৰ দাবী সমূহ সমাধানৰ বাবে যি জন প্ৰাৰ্থীয়ে তেওঁলোকক লিখিত প্ৰতিশ্ৰুতি দিব তেওঁকেই অহা নিৰ্বাচনত উত্তৰ অঞ্চলৰ ৰাইজে ভোট দিব বুলি যুৱ সমাজৰ প্ৰতিনিধিয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ বিগত নিৰ্বাচনত জয়ী হোৱাৰ স্বাৰ্থত ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংহলে উত্তৰাঞ্চলত বসবাস কৰা লোক সকলক ভূমি পট্টা দিয়া, বাট-পথ নিৰ্মাণ কৰা আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ সাধন কৰা, বিদ্যুৎ আৰু খোৱা পানীৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও ইয়াৰে কোনো এটা প্ৰতিশ্ৰুতি পালন নকৰিলে ৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত বিধায়ক সিংহল ব্যৰ্থ হ’ল ৷ গতিকে এইবাৰ উত্তৰ অঞ্চলৰ ৰাইজে মৌখিক প্ৰতিশ্ৰুতিত ভোটদান নকৰে ৷ উন্নয়নৰ স্বাৰ্থত কাম কৰিব বুলি দলিলত লিখিত প্ৰতিশ্ৰুতি লৈহে ৰাইজে এইবাৰ ভোটদান কৰিব ৷এইবাৰ যি দলে উত্তৰাঞ্চলৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিব সেই দলকে অঞ্চলটোৰ ৰাইজে সমৰ্থন জনাব বুলি উত্তৰ অঞ্চলৰ যুৱ সমাজৰ নেতা লক্ষীন্দৰ বসুমতাৰী, ইন্দ্ৰ সিং মুছাহাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। অন্যথাই এইবাৰ ভোট বৰ্জন কৰিব বুলি তেওঁলোকে প্ৰকাশ কৰে ৷

No comments