Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিতাবৰত দুই এটা এ ভি এম বিজুটি; পলমকৈ অনুষ্ঠিত ভোট দানেৰে ৭৬ শতাংশ শান্তিপূৰ্ণ ভোট দান

  গণ বাৰ্তা তিতাবৰ, ২৭ মাৰ্চ: অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুসৰি ১০০ নং তিতাবৰ বিধানসভা সমষ্টিৰ ২১৮ টা ভোট গ্ৰহণ কেন্দ্ৰত আজি পু...

 


গণ বাৰ্তা তিতাবৰ, ২৭ মাৰ্চ: অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুসৰি ১০০ নং তিতাবৰ বিধানসভা সমষ্টিৰ ২১৮ টা ভোট গ্ৰহণ কেন্দ্ৰত আজি পুৱাৰে পৰা ভোট গ্ৰহণ শান্তিপূৰ্ণ ভাবে সম্পন্ন হৈ যায়।মুঠ ৭৬ শতাংশ ভোটাৰে আজি ভোটাধিকাৰ সাব্যস্ত কৰে।ভোট কেন্দ্ৰ সমূহত ক'ভিড প্ৰতকল অনুসৰি কিছু নীতি নিয়ম বলৱত কৰা হৈছিল যদিও আংশিক ভাৱেহে সেয়া সম্ভৱ হল। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলে সভা সমিতি অনুষ্ঠিত কৰাৰ সময়ত কোনো প্ৰতকল বাধ্যতামূলক নাছিল যদিও আজিৰ নিৰ্বাচনত প্ৰতকল প্ৰযোজ্য হোৱাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াহে লক্ষ্যণীয় আছিল, মূলত সামাজিক দূৰত্বৰ কোনো ফৰ্মূলা কামত নাহিল, পূৰ্বৰ দৰেই লানি নিছিগা ভোটাৰৰ শাৰী দেখিবলৈ পোৱা গল। তিনিটা ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম মেচিন বিজুটি ঘটাত পুৱা ৭ বজাৰ পৰিবৰ্তে ৯ বজাৰ পৰাহে ভোট গ্ৰহণ আৰম্ভ হয়। তিতাবৰ সমষ্টিত এইবাৰ ১,৫৪,৫৪০ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব বিজেপি দলৰ হেমন্ত কলিতা, কংগ্ৰেছ দলৰ ভাস্কৰজ্যোতি বৰুৱা, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী শৈলেন্দ্ৰ কুমাৰ হাজৰিকা আৰু নিৰ্দলীয়া প্ৰাৰ্থী দিলীপ গগৈৰ ভিতৰত কোনোবা এগৰাকী প্ৰাৰ্থীৰ। সমষ্টিটোত চাহ জনগোষ্ঠীৰ ভোটাৰ সকলৰ মাজত নিৰ্বাচনী উৎসাহ পৰিলক্ষিত হোৱাৰ বিপৰীতে অন্যান্য লোকৰ মাজত যেন বিপৰীত ছবিহে দেখা গল।বিজেপি আৰু কংগ্ৰেছৰ মাজতে মূল যুজঁ হোৱাটো নিশ্চিত।আনহাতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰা ভোট সমূহে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ দুৰ্গত খহনীয়াৰ সৃষ্টি কৰিব পাৰে বুলি বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে। তিতাবৰ নিৰ্বাচনী জিলা নিৰ্বাচনী বিষয়া খনিন্দ্ৰ দাস আৰু মহকুমা নিৰ্বাচনী বিষয়া হেমাংগ নবিছে মহকুমাৰ সকলো ভোটাৰ ৰাইজক শান্তিপূৰ্ণ আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

No comments