Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপিৰ নতুন চৰকাৰৰ নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হ'ব বুলি ঘোষণা বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ

এম মহিবৰ ৰহমান,নলবাৰী,১৪ মাৰ্চ: "বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা নলবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হ'লেই মন্ত্ৰী হ'ব।&q...


এম মহিবৰ ৰহমান,নলবাৰী,১৪ মাৰ্চ:
"বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা নলবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হ'লেই মন্ত্ৰী হ'ব।" - এই ঘোষণা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ।আজি বিয়লি নলবাৰী চহৰৰ নলবাৰী-হাজো পথত থকা নলবাৰী জিলা অগপ ৰ কাৰ্যালয় দেশপ্ৰান নগেন শৰ্মা ভবনৰ চৌহদত অনুষ্ঠিত বিজেপি  জোঁটৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো আনুষ্ঠানিকভাবে মুকলি কৰি দিলীপ শইকীয়াই পুনৰ কয়- জয়ন্ত মল্ল জিকিলেই নতুন নলবাৰী সৃষ্টি হ'ব। এইবাৰো ৰাজ্যত বিজেপিৰ চৰকাৰ হ'ব।ইপিনে বিজেপিৰ পৰা  কোনোবাই দল ত্যাগ কৰিলেও বিজেপি চিন্তিত নহয় বুলি উল্লেখ কৰি সাংসদ শইকীয়াই কয়--বিজেপিয়ে অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে যুঁজি আছে আৰু পৰৱৰ্তী পৰ্যায়তো বিজেপিয়ে ৰাইজৰ হকে কাম কৰি যাব।এইবাৰ বিজেপিয়ে নামনি অসমতো দুখনমান আসন বেছি পাব  বুলি শইকীয়াই মন্তব্য কৰে।এই অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই ভাষণ দি কয় যে-তেওঁ এইবাৰ বিপুল ভোটত জয়ী হব।সম্পদ  নথকা নলবাৰীৰ দ্ৰুত উন্নয়ন কৰা হব।সুৰক্ষা আৰু বিকাশৰ অংগীকাৰ লৈ তেওঁ সমষ্টিৰ কাম কৰি যোৱাৰ পন গ্ৰহণ কৰে।জয়ন্ত মল্লই আৰু কয় যে-তেওঁৰ কাৰ্যকালত অসম পৰ্যটন আৰু উন্নয়ন নিগমে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানত অগপ নেতা আনন্দ ৰাজবংশীকে ধৰি জিলা অগপ আৰু বিধান পৰিষদৰ দলীয় নেতা সকলো উপস্থিত আছিল। 

No comments