Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ মুখ্য কাৰ্যালয় মুকলি

গণ বাৰ্তা, দুমুনিচকী ২৬ মাৰ্চঃ জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ মুখ্য কাৰ্যালয়টি বুধবাৰে সন্ধিয়া মান্দাকাটা গাঁও পঞ্চায়তৰ দক্...


গণ বাৰ্তা, দুমুনিচকী ২৬ মাৰ্চঃ জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ মুখ্য কাৰ্যালয়টি বুধবাৰে সন্ধিয়া মান্দাকাটা গাঁও পঞ্চায়তৰ দক্ষিণ মান্দাকাটাত মুকলি কৰা হয় ৷ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মদন ডেকাই ৷ কাৰ্যালয়টো মুকলিৰ পিছতে সমাগত বিধান সভা নিৰ্বাচনত ড° হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত বিজয়ী কৰিবলৈ সংকল্প গ্ৰহণ কৰাৰ বাবে ভোটাৰ ৰাইজক আহ্বান জনাই সংখ্যালঘু মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ সভানেত্ৰী লিলিমা বেগমে ৷সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ উপ সভাপতি আব্দুল বাছেদ আলীয়ে আঁত ধৰা কাৰ্যালয় মুকলি অনুষ্ঠানত মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলাম , বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নিজৰা চমুৱা,বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা,সমাজকৰ্মী মোহন শইকীয়া, সংখ্যালঘু মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ কাৰ্যনিৰ্বাহক ইফতাজুল হক, বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উপ সভাপতি আমিৰ আলী ,সাধাৰণ সম্পাদক ৰিজুল আলী,বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি লোকমান আলী,মান্দাকাটা গাঁও পঞ্চায়ত আঞ্চলিক সদস্য বীৰেণ বৈশ্য ,বিজেপিৰ জেষ্ঠ কাৰ্য্যকৰ্তা বাবুল চেত্ৰী , অচ্যুত দাস ,ইফ্তাজুল হক, আৰিফ আহমেদ,বেজেৰা মণ্ডলৰ সাধাৰণ সম্পাদক ৰুবুল দাস , সম্পাদক প্ৰভাত কলিতাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

No comments