গণ বাৰ্তা,ফুলনি, ১০ মাৰ্চ : ৮৫৫ জন শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত ঐতিহাসিক অসম আন্দোলনত ১৯৮৩ চনৰ ১০ মাৰ্চ তাৰিখে অসম মাতৃৰ হৈ আত্ম বলিদান দিয়া ম...
গণ বাৰ্তা,ফুলনি, ১০ মাৰ্চ: ৮৫৫ জন শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত ঐতিহাসিক অসম আন্দোলনত ১৯৮৩ চনৰ ১০ মাৰ্চ তাৰিখে অসম মাতৃৰ হৈ আত্ম বলিদান দিয়া মাজুলীৰ একমাত্ৰ জাতীয় শ্বহীদ দণ্ডিৰাম ভৰালী দেৱৰ ৩৮ সংখ্যক মৃত্যু তিথিত আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই৷ শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই৷ পূব মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে সমবেত সংগীতেৰে আৰম্ভ কৰে শ্বহীদ তৰ্পণ অনুষ্ঠানৰ৷ ইয়াৰ পিছতে শ্বহীদ দণ্ডিৰাম ভৰালী দেৱৰ প্ৰতিচ্ছবিত মাল্য অৰ্পন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই৷ ভূঞাই বক্তব্য প্ৰসংগত জাতীয় বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসম আন্দোলন ,ভাষা আন্দোলন, খাদ্য আন্দোলনত যি সকল পংগু হ’ল তেখেত সকলৰো আশুআৰোগ্য কামনা কৰে৷ লগতে ক্ষোভেৰে কয় যে মাজুলীৰ একমাত্ৰ শ্বহীদ গৰাকীৰ বাসগৃহলৈ যোৱা পথটি আজিলৈকে নহ’ল৷ বাৰম্বাৰ চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে যদিও আজি পৰ্যন্ত পথটি নিৰ্মানৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰিলে৷ অতি শীঘ্ৰে সেই পথটি নিৰ্মানৰ দাবী জনাইছে ছাত্ৰ সন্থাই৷ পথটি নিৰ্মানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ মাজুলী জিলা প্ৰশাসনকো আহ্বান জনাইছে ছাত্ৰ সন্থাই৷ আজি পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অৰূপ কুমাৰ বৰা , শ্বহীদ দণ্ডিৰাম ভৰালীৰ ভাতৃ নগেন ভৰালীয়ে। কাৰ্যসূচীত উপস্থিত থাকে সাংস্কৃতিক বিশ্ববিদ্যালয়, মাজুলীৰ শৈক্ষিক সমন্বয়ক ক্ষীৰসিন্ধু শইকীয়া , মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দেউজান মিলি, কাকুমনি কলিতা, শিক্ষা সম্পাদক উত্তম বৰা, পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি হাজৰিকা সাধাৰণ সম্পাদক দীপাংকৰ ৰাজকোৱৰ লগতে পূব মাজুলী মহাবিদ্যালয় আৰু সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ - ছাত্ৰী সকল৷
No comments