অগপ-বিজেপি মিত্রজোঁট চৰকাৰৰ মিছন ১০০+ ৰ বিপৰীতে ৮০ খন আসন লাভ কৰিব- প্ৰমোদ বড়ো গণ বাৰ্তা, ধিং, ২০ মাৰ্চ : সমাগত বিধানসভা নির্বাচ...
অগপ-বিজেপি মিত্রজোঁট চৰকাৰৰ মিছন ১০০+ ৰ বিপৰীতে ৮০ খন আসন লাভ কৰিব- প্ৰমোদ বড়ো
গণ বাৰ্তা, ধিং, ২০ মাৰ্চ : সমাগত বিধানসভা নির্বাচন। সমষ্টিয়ে সমষ্টিয়ে তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। পিছ পৰি ৰোৱা নাই ৮৪ নং বটদ্ৰৱা সমষ্টিও। আজি বটদ্ৰৱা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বড়োলেণ্ড স্বায়ত্ত্বশাসিত অঞ্চলৰ নৱ নিৰ্বাচিত মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ধিঙৰ চহৰীয়াত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়োয়ে ভাষণত কয় যে- অসমত যোৱা পাঁচটা বছৰত যদি চোৱা যায় বিজেপি চৰকাৰ জনতাৰ কাৰণে জনগনৰ কাৰণে গঠন হোৱা এটা চৰকাৰ আছিলে। সেই কথটো আমি পাহৰি যাৱ নালাগে আৰু আমাৰ ইউ পি পি এলক বিজেপি চৰকাৰখনে লগত কাম কৰিবলৈ সুবিধা দিছে কাৰনে আজি বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সক্ষম হৈছো আৰু আঙুৰলতা ডেকা এই সমষ্টিটোত এশ শতাংশ জয়ী হব। অগপ-বিজেপি মিত্রজোঁট চৰকাৰৰ নেত্বেতই ১০০+ ৰ কথা কৈ আছে যদিও মই আজি হিচাপ কৰি পাইছো যে মিত্রজোঁট চৰকাৰখনে ৮০ টাত কৈ কম আসন লাভ নকৰে।
No comments