Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দৌলাশালৰ ডিম্পল নাথ

গণ বাৰ্তা, চেঙা , ৯ মাৰ্চ: আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দৌলাশালৰ উৎপল নাথৰ পুত্ৰ ডিম্পল নাথ (২৮) গুৰুতৰভাৱে আহত হৈ মুমুৰ্ষ ...


গণ বাৰ্তা, চেঙা , ৯ মাৰ্চ:
আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দৌলাশালৰ উৎপল নাথৰ পুত্ৰ ডিম্পল নাথ (২৮) গুৰুতৰভাৱে আহত হৈ মুমুৰ্ষ অৱস্থাত এতিয়াও মৃত্যুৰ স'তে যুঁজ দি আছে চিকিৎসালয়ত । ঘটনাৰ বিৱৰণী মতে, নলবাৰী জিলাৰ দৌলাশালৰ ডিম্পল নাথে কালি নিশা বন্ধুৰ সৈতে একে গাঁৱৰে এখন বিবাহৰ অভ্যৰ্থনাত নিশাটো থাকি পুৱতি নিশা এজন বন্ধুৰ সৈতে দৌলাশালৰ নিকটবৰ্তী বৰপেটা জিলাৰ চেঙালৈ গৈছিল বাইকত তেল ভৰাবলৈ । কিন্তু 'ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি' -- চেঙা নৌপাওঁতেই মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত কুকাৰপাৰৰ এটি কেঁকুৰিৰ ৰেলিঙত তীব্ৰবেগে যোৱা এ এছ ১৪ - এল ২৭১৮ নম্বৰৰ বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মাৰি দিয়ে । ফলত কৰ্ফাল খাই ছিটিকি পৰে দুই বন্ধু । লগে লগে স্থানীয় লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োজনক মুকালমুৱা মেডিকেললৈ প্ৰেৰণ কৰে যদিও মূৰত সাংঘাটিকভাৱে আঘাত পাই প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হোৱা ডিম্পল নাথক গুৱাহাটীলৈ নি এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় । অৱস্থাৰ অধিক অৱনতি ঘটাত মুমুৰ্ষ অৱস্থাত ডিম্পলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে বিয়লি আন এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান মৃত্যুৰ স'তে যুঁজি আছে দৌলাশালৰ উদীয়মান যুৱক ডিম্পল নাথে । ইতিমধ্যে দুৰ্ঘটনাস্থলীত মাজদিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দুৰ্ঘটনাত পতিত বাইকখন আৰক্ষী চকীলৈ লৈ আহে । উল্লেখ্য যে দৌলাশালৰ ডিম্পল নাথ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ এগৰাকী জোৱান । প্ৰশিক্ষণ সমাপ্ত কৰি তেওঁ যোৱা বছৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীত ভৰ্তি হয় । প্ৰখৰ বুদ্ধি সম্পন্ন যুৱকজনৰ সংকটজনক খবৰে অঞ্চলটোৰ লগতে চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ ভিতৰত এক উৎকন্ঠাই বিৰাজ কৰিছে ।

No comments