Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ কুচকাৱাজঃ শীঘ্ৰেই প্ৰকাশ কৰা হ’ব প্ৰাৰ্থীৰ তালিকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে কংগ্ৰেছে কুচকাৱাজ আৰম্ভ কৰিছে। আজি গ্ৰীনউড...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে কংগ্ৰেছে কুচকাৱাজ আৰম্ভ কৰিছে। আজি গ্ৰীনউড ৰিজ’ৰ্টত কংগ্ৰেছৰ ৰাজ্যিক নিৰ্বাচন কমিটীৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত প্ৰাৰ্থিত্বৰ বাবে কৰা আবেদনসমূহ পৰীক্ষা কৰা হয় আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়াসকলৰ এখন তালিকা প্ৰস্তুত কৰা হয়। জানিব পৰা অনুসৰি সমষ্টি অনুসাৰে কংগ্ৰেছে যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰি তালিকা প্ৰস্তুত কৰিছে। যিসমূহ সমষ্টিত এজনতকৈ অধিক যোগ্য প্ৰাৰ্থী আছে সেইসমূহ সমষ্টিৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হৈছে। অৱশ্যে নিৰ্বাচনী কমিটীৰ বৈঠকৰ পিছত উচ্চস্তৰীয় ¦ক্ৰীনিং কমিটীৰ বৈঠক অনুষ্ঠিত হয়। 

এই বৈঠকতে আগন্তুক নিৰ্বাচনত কাক কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব সেয়া নিশ্চিত কৰা হয়। এই সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙে সংবাদ মাধ্যমক কয় যে বিজেপিক প্ৰতিহত কৰিব পৰাকৈ তথা ৰাইজৰ প্ৰতিশ্ৰুতি পালন কৰিব পৰা ব্যক্তিক কংগ্ৰেছে অগ্ৰাধিকাৰ প্ৰদান কৰিছে আৰু প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে। ¦ক্ৰীনিং কমিটীৰ বৈঠকৰ অন্তত এই তালিকা চূড়ান্ত কৰা আৰু ঘোষণা কৰাৰ পিছতহে কোনে কোনে প্ৰাৰ্থিত্ব পাব ওলাই পৰিব। আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে ৰাইজৰ প্ৰতিশ্ৰুতি পালন কৰিব পৰা আটাইতকৈ যোগ্য প্ৰাৰ্থীজনকহে বাছনি কৰা হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হৈছে আৰু শীঘ্ৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব। 

No comments