Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিৰ্বাচনী গৰম বতাহৰ মাজতে ডিব্ৰুগড়ৰ লৰুৱা মৌজাৰ লেজাইত বনৰীয়া হাতীয়ে ভাঙিলে আৱাস গৃহ

গণ বাৰ্তা, ডিব্ৰুগড়, ১১ মাৰ্চঃ ৰাজ্যৰ এতিয়া চাৰিওদিশ   নিৰ্বাচনী গৰম বতাহ চলি থকা মাজতে ডিব্ৰুগড় জিলাৰ   মৰাণ সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় পশ্চ...


গণ বাৰ্তা, ডিব্ৰুগড়, ১১ মাৰ্চঃ ৰাজ্যৰ এতিয়া চাৰিওদিশ   নিৰ্বাচনী গৰম বতাহ চলি থকা মাজতে ডিব্ৰুগড় জিলাৰ   মৰাণ সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অধীনৰ লৰুৱা মৌজাৰ অন্যতম কৃষি প্ৰধান   লেজাইৰ এটা অঞ্চলৰ ৰাইজে উজাগৰি ৰাতি কটাবলগীয়া হৈছে। বনৰীয়া হাতীৰ তাণ্ডৱত বৰ্তমান ত্ৰস্তমান চেঁ‌চা নগাঁওবাসী। যোৱা নিশা দুটা হাতীয়ে গাঁওখনত প্ৰৱেশ কৰি বিৰেণ বৰুৱা নামৰ লোকজনৰ বাসগৃহ ভাঙি তচনচ কৰে। কেৱল ইমানেই নহয় হাতীয়ে ভঁ‌ৰালৰ ধান আদিও খায় তহিলং কৰে।অতি দৰিদ্ৰ পৰিয়ালটোৱে বৰ্তমান আশ্ৰয়স্থল বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে গাঁওবাসীয়ে। উল্লেখ যে ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনৰ মেদেলা সংৰক্ষিত বনাঞ্চলৰ মাজত আশ্ৰয় লৈ   থকা প্ৰায় ৭০ জনীয়া বনৰীয়া  হাতীৰ জাকটোৱে বছৰি লৰুৱা মৌজাৰ লেজাই কলাখোৱা অঞ্চলকে ধৰি কৃষিপ্ৰধান অঞ্চলটোত প্ৰায়েই খেতিপথাৰত উপদ্ৰৱ চলাই  আহিছে। বনৰীয়া হাতীয়ে বিধ্বস্ত কৰা লেজাই চেচাঁ-নগাঁৱৰ বীৰেণ বৰুৱাক উপযুক্ত ক্ষতিপূৰণ আৰু গৃহনিৰ্মাণৰ বাবে আৰ্থিক পুঁজি আবন্টনৰ কাৰণে ডিব্ৰুগড় জিলা উপায়ুক্তক স্থানীয় ৰাইজে দাবী জনাইছে।

No comments