Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পলাশবাৰীত বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াক বিপুল আদৰণি

গণবাৰ্তা, ১৪ মাৰ্চ :  বহু জল্পনা কল্পনাৰ অন্তত বহু চৰ্চিত পলাশবাৰী বিধান সভা সমষ্টিৰ বাবে আজি হেমাংগ ঠাকুৰীয়াক বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ ...


গণবাৰ্তা, ১৪ মাৰ্চ
বহু জল্পনা কল্পনাৰ অন্তত বহু চৰ্চিত পলাশবাৰী বিধান সভা সমষ্টিৰ বাবে আজি হেমাংগ ঠাকুৰীয়াক বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই সমৰ্থকসকলে আনন্দ উল্লাসত মতলীয়া হোৱা পৰিলক্ষিত হৈছে। পলাশবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্বক লৈ ৰাইজৰ মাজত চৰ্চা চলি থকাৰ মাজতে আজি তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগা ৫০ নং পলাশবাৰী বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াৰ নাম ঘোষণা কৰাত সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে। আজি বিয়লি সমষ্টিটোৰ শ শ বিজেপি কৰ্মীয়ে বঙৰাৰ পৰা  সমদল কৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আদৰি আনি দক্ষিণ কামৰূপ জিলা বিজেপিৰ বাটৰহাতস্থিত কাৰ্যালয়ত সম্বৰ্ধনা জনায়। উক্ত সমদল কুকুৰমাৰালৈ গৈ সামৰণী পৰাৰ লগতে ঠায়ে ঠায়ে বিজেপি প্ৰাৰ্থীগৰাকীক ফটকা ফুটাই সম্বৰ্ধনা জনাই।  ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই দিৰ্ঘদিন ধৰি সমষ্টিটোত দলীয় কাম কাজ কৰি আহিছে। আনহাতে, হেমাংগ ঠাকুৰীয়া যোৱা ২০১১ চনৰ বিধান সভা নিৰ্বাচনতো পলাশবাৰীৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল যদিও পৰাজিত হৈও দলীয় কাম কাজ কৰি আহিছিল। দলৰ বেয়া দিনতো নিষ্ঠা সহকাৰে কাম কাজ কৰি দলটোক আগুৱাই লৈ যোৱাৰ বাবেই এইবেলি তেওঁক প্ৰাৰ্থীত্ব দিয়া বুলি সমৰ্থকসকলে মন্তব্য কৰি আনন্দত মতলীয়া হৈছে। আনহাতে, বৰ্তমানৰ বিজেপি বিধায়ক প্ৰণৱ কলিতাই বিগত সময়চোৱাত সমষ্টিৰ উন্নয়ন তথা দলীয় কোনো কাম নকৰি শুই বহিয়েই পাচটা বছৰ কটোৱাৰ বাবেই এইবেলি প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰা  বুলিও কৰ্মীসকলে মন্তব্য কৰিছে। কিন্তু প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈয়ে প্ৰণৱ কলিতাই বৈষম্যমূলকভাৱে তেওঁক দলৰ নেতৃত্বই বঞ্চিত কৰাৰ অভিযোগ তুলি কংগ্ৰেছৰ হাইকামাণ্ডে তেওঁৰ সৈতে যোগাযোগ কৰি পলাশবাৰীত  প্ৰাৰ্থীত্ব দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা বুলিও সাংবাদিকৰ আগত মন্তব্য কৰি হয় কংগ্ৰেছ নহলে নিৰ্দলীয় ৰূপত হলেও প্ৰাৰ্থী হোৱাৰ হুংকাৰ দিছে। আনহাতে, এসময়ত জাতীয়তাবাদৰ মুখা পিন্ধা দাম্ভিক নেতা যতীন মালীয়ে কিছুদিন পূৰ্বে একমাত্ৰ ক্ষমতাৰ লালসাত কংগ্ৰেছত যোগদান কৰি প্ৰাৰ্থীত্ব লাভৰ বাবে আশাপালি ৰৈ আছে।  পলাশবাৰীত ৰাজনৈতিকভাৱে চিৰবৈৰী প্ৰৱণ কলিতা আৰু যতীন মালী দুয়োগৰাকীৰে ৰাজনৈতিক জীৱনৰ সন্ন্যাস লোৱাৰ সময় সমাগত বুলিও একাংশই চৰ্চা কৰি ইতিমধ্যেই পলাশবৰীয়া ৰাইজে বিদায় দিয়া বুলিও মন্তব্য কৰিছে। এতিয়া কেৱল ক্ষমতাৰ লালসাত সকলো আদৰ্শক জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ নকৰা এই দুই নেতাই কংগ্ৰেছেই শেষ ভৰসা বুলি ধৰি লৈছে যদিও সময়ত কোনে প্ৰাৰ্থীত্ব লাভ কৰে সেয়াহে লক্ষণীয় হব। লগতে বিজেপি প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াই বিপুল ভোটত জয়লাভ কৰিব বুলি সমৰ্থকসকলে মন্তব্য কৰিছে যদিও অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজলোচন গোস্বামীৰ সৈতে মূল যুজঁখন হব বুলি সচেতন মহলে ধাৰণা কৰিছে।

No comments