Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত শক্তি প্ৰদৰ্শন হিতেন্দ্ৰ নাথ গোস্বামী, ৰাণা গোস্বামীৰ ৰিটাৰ্ণিং বিষয়াক মনোননয়ন পত্ৰ দাখিল ৫ প্ৰাৰ্থীৰ

গণ বাৰ্তা  বিশেষ, যোৰহাট, ৮ মাৰ্চ : আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনী তৎপৰতা। আজি যোৰ...


গণ বাৰ্তা  বিশেষ, যোৰহাট, ৮ মাৰ্চ : আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনী তৎপৰতা। আজি যোৰহাটত বিপুল সংখ্যক সমৰ্থক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি আৰু কংগ্ৰেছ দলৰ যোৰহাটৰ সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰাণা গোস্বামীয়ে।  আজি এক কথাত কবলৈ গলে  যোৰহাটত শক্তি প্ৰদৰ্শন কৰিলে বিজেপি দলৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী আৰু কংগ্ৰেছৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে। নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা সম্পূৰ্ণ ৰূপে পালন কৰি কেৱল মাত্ৰ কেইজনমান সমৰ্থক লগত লৈ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে দুয়ো জন প্ৰাৰ্থীয়ে। দুয়োজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত বিজেপি আৰু কংগ্ৰেছৰ সহস্ৰাধিক সমৰ্থক যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ১০০ মিটাৰ দূৰত ঠিয় হৈ ৰয়। আজি মনোনয়ন পত্ৰ দাখিল কৰি যোৰহাটৰ বিধায়ক , বিধানসভাৰ অধ্যক্ষ তথা বিজেপি দলৰ যোৰহাট সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে সাংবাদিকৰ আগত কয় যে, ৰাইজৰ সেৱা কৰিবৰ বাবে মোক আকৌ এটা সুযোগ প্ৰদান কৰিছে। এই সুযোগ লাভ কৰি সুখী অনুভৱ কৰিছো। যদি ৰাইজে মোৰ ওপৰত আস্থা ৰাখে তেন্তে আৰু পাঁচ টা বছৰ ৰাইজৰ বাবে তথা যোৰহাটৰ উন্নয়নৰ বাবে কাম কৰি যাম। যোৰহাটৰ বাবে কৰিবলগীয়া কাম বহুতো আছে। সমস্যা কেতিয়াও শেষ হৈ নেযায়। সমস্যা সদায় বাহিহে গৈ থাকে। সকলো সমস্যা সমাধান হৈ নাযায়। এটা সমস্যা সমাধান হলে এটা নতুন সমস্যা সৃষ্টি হয়। আমাৰ মূল কৰণীয় হৈছে ব্ৰহ্মপুত্ৰৰ যিটো পানী যোগান আঁচনি যিটো পূৰ্বৰ চৰকাৰৰ দিনত আহিছিল, সেইটো পূৰ্বৰ চৰকাৰৰ দিনত সম্পূৰ্ণ হৈ নুঠিল। আমি অহাৰ পাছত ই বহু অগ্ৰগতি লাভ কৰে। কোৰোণা মহামাৰী নহা হলে হয়তো যোৱা বছৰেই কাম শেষ কৰিব পাৰিলোঁহেতেন। আমি সুখী যে সেই ব্ৰহ্মপুত্ৰৰ পানী আমি শোধন কৰিবলৈ সক্ষম হলো। যদি যোৰহাটবাসী ৰাইজে মোক সুযোগ দিয়ে তেন্তে অহা ডিচেম্বৰ ৰ ভিতৰত যোৰহাটৰ প্ৰত্যেক অঞ্চলত আমি আৰ্চেনিক মুক্ত পানী যোগান ধৰিবলৈ সক্ষম হম। আৰু ৰাইজে সুযোগ দিলে যোৰহাট নগৰৰ বাবে ১১৬ কোটি টকাৰ আঁচনিৰ কাম চলিত বর্ষতেই আৰম্ভ কৰিম। তদুপৰি যোৰহাট ডাম্পিং গ্ৰাউণ্ডৰ সমস্যা সমাধান কৰিবৰ বাবে ইতিমধ্যে ই যোৰহাটৰ উপকণ্ঠত তিনি শ বিঘা মাটি আমি নিৰ্বাচিত কৰিছোঁ। যি মাটিৰ ওপৰত কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান নাই। হিতেন্দ্ৰ নাথ গোস্বামীয়ে লগতে কয় যে, আজি ৰাইজৰ সঁহাৰি দেখি উৎসাহিত হৈছোঁ। আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহাৰ সময়ত দেখা পোৱা ৰাইজৰ সহাৰি দেখি ধাৰণা হৈছে যে ৰাইজে মোক পুনৰ এবাৰ জয়যুক্ত কৰিব অনাগত দিনত যোৰহাটৰ বাবে উন্নয়নমূলক কাম কৰিবৰ বাবে। 



আনহাতে আজি যোৰহাট জিলা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰি কংগ্ৰেছৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে সাংবাদিকৰ আগত কয় যে, ৰাইজে আজি স্বতঃস্ফূৰ্ত ভাবে যি সঁহাৰি জনাই মোৰ লগত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত আহিছে, সেই সঁহাৰি দেখি উৎসাহিত হৈছোঁ।  ৰাইজৰ বাবে কাম কৰিবৰ বাবেই মই ওলাই আহিছোঁ। জনপ্ৰতিনিধি বুলি কলে ৰাইজে বিচাৰি ফুৰা ধৰণৰ হব  নালাগে।  কেৱল নিৰ্বাচনৰ দুমাহ ৰাইজে মুখ খন দেখা পালে নহব। এজন জনপ্ৰতিনিধি ৰ দায়িত্ব হৈছে উন্নয়ন মূলক কাম সমূহ কৰাৰ সমান্তৰাল ভাৱে সুখে দুখে ৰাইজৰ ওচৰত থকা। কেৱল দুটা মান ৰাস্তা নিৰ্মান কৰাটোৱেই জনপ্ৰতিনিধি ৰ কাম নহয়। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা গৰকাপ্তানী বিভাগে ৰাস্তা নিৰ্মান কৰিয়েই আহিছে। কিন্তু সৰ্বাংগীন উন্নয়ন হোৱা নাই। আমাক সৰ্বাংগীন উন্নয়ন লাগে। আজি মেডিকেল কলেজৰ অৱস্থা বেয়া। মেডিকেল কলেজ ত এটা ঔষধ পাবলৈ নাই। মেডিকেল কলেজত এক্স ৰে ,  আলট্ৰাচাউণ্ড কৰিবলৈ এটা মেচিন নাই। সকলো বেয়া। এই খন চৰকাৰে এই সমূহ কাম কৰাৰ বিপৰীতে অসম খনক বিক্ৰী কৰিবলৈ ওলাইছে। এইখন চৰকাৰে অসমৰ সম্পদ সমূহ বিক্ৰী কৰি শেষ কৰিলে। তেলৰ খনি বিক্ৰী কৰিলে, কাগজ কল বন্ধ কৰিলে, মালিগাঁওৰ প্লেটফৰ্ম বহিৰাগত বণিয়াক গতাই দিলে। এইখন চৰকাৰে যদি সকলো বিক্ৰী কৰি থাকে তেন্তে অসমৰ উঠি অহা প্ৰজন্মৰ বাবে কি বাকী থাকিব। অসমত চাকৰি কৰে পৰা সৃষ্টি হব। অসমৰ ৰাইজে এইবাৰ সকলো বুজি উঠিছে। আৰু ৰাইজে এইবাৰ উন্নয়ন ৰ বাবে কংগ্ৰেছক ভোট দি জয়যুক্ত কৰিব।
আনহাতে আজি যথেষ্ট সংখ্যক সমৰ্থক লগত লৈ আহি যোৰহাট জিলা উপায়ুক্ত ৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে টীয়ক সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে। আজি মনোনয়ন পত্ৰ দাখিল কৰি পল্লৱী গগৈয়ে সাংবাদিক ৰ আগত কয় যে, মোক টীয়ক সমষ্টিৰ পৰা টিকট দিয়াৰ বাবে মই কংগ্ৰেছ দলক ধন্যবাদ জ্ঞাপন কৰিছো। বিগত ২০ বছৰ ধৰি মই টীয়ক সমষ্টিত ঘূৰিছোঁ। কিন্তু যোৱা নিৰ্বাচনত মই খুব কম ভোটৰ ব্যৱধান ত পৰাস্ত হৈছিলোঁ। পৰাস্ত হৈছিলোঁ যদিও মই হতাশ হোৱা নাছিলোঁ। আৰু দুগুণ উৎসাহেৰে ৰাইজৰ মাজলৈ গৈছিলোঁ। আৰু টীয়ক সমষ্টিত ঘূৰি দেখিছোঁ যে তাত এটা শিল্প বিপ্লৱ, কৃষি বিপ্লৱ নতুনকৈ আৰম্ভ কৰিব পাৰি। কিয়নো বহু কৃষি উপযোগী মাটি পৰি আছে, চৰকাৰী ভূমি আছে। সেই মাটি যদি যুৱ প্ৰজন্মৰ বাবে খেতিৰ বাবে উপযোগী কৰি তুলিব পাৰি সেই বিষয়ে চিন্তা কৰি আছো। আৰু লগতে মই চিন্তা কৰিছোঁ , টীয়ক সমষ্টিত বহিৰাগত চেলেং আৰু গামোচা বন্ধ কৰাৰ বাবে। আৰু টীয়ক সমষ্টিৰ শিপিনীয়ে বোৱা গামোচা আৰু চেলেং ৰ এখন বজাৰ গঢ়ি তোলাৰ বাবে চেষ্টা কৰিম। আৰু ললিত চন্দ্ৰ ৰাজখোৱা ৰ যিখন মিনি ষ্টেডিয়াম আছে, খেলৰ বাবে উন্নত মানদণ্ডৰ জৰিয়তে উপযোগী কৰি তোলাৰ এক সপোন আছে। আৰু এটা প্ৰেক্ষাগৃহৰ অভাৱ আছে আমাৰ। এটা মনমোহন সিং প্ৰেক্ষাগৃহ আছে যদিও কিবা কাৰণত ভালকৈ হৈ উঠা নাই। সেই প্ৰেক্ষাগৃহ উন্নত মানদণ্ডৰ কৰি তোলাৰ চেষ্টা কৰিম। টীয়ক সমষ্টিত নিজৰ প্ৰতিদ্বন্দী অসম গণ পৰিষদ দলৰ ৰেণুপমা ৰাজখোৱা ই হব বুলি উল্লেখ কৰি পল্লৱী গগৈয়ে কয় যে, ৰেণুপমা বাইদেউ মোৰ মাতৃ সম। তেওঁকো মই নিৰ্বাচনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো। মই ব্যক্তিগত ভাবে তেওঁক সোমা

No comments