Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিগত ৫ টা বছৰে উন্নয়নৰ নামত শূন্য কাজিৰঙাত ৷ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

পথ বিচাৰি হাহাকাৰ ৰাইজৰ। আজিকোপতি স্বচক্ষে দেখা নাপালে সমষ্টিটোৰ বিধায়ক অতুল বৰাক  গণ বাৰ্তা, বোকাখাত, ৯ মাৰ্চ :  সমাগত বিধান সভা নিৰ্বাচন ২...

পথ বিচাৰি হাহাকাৰ ৰাইজৰ। আজিকোপতি স্বচক্ষে দেখা নাপালে সমষ্টিটোৰ বিধায়ক অতুল বৰাক 



গণ বাৰ্তা, বোকাখাত, ৯ মাৰ্চ :  সমাগত বিধান সভা নিৰ্বাচন ২০২১ ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তৎপৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দল সমূহ ৷ সততে মেল মিটিংত এতিয়া ৰাজনৈতিক দল সমূহৰ নেতা সমূহে কথাৰ ফুলজাৰি মৰাৰ এক বৃহৎ প্ৰতিযোগিতা আৰম্ভ কৰিছে ৷ আধাৰশিলা মন্ত্ৰী হিচাপে পৰিচিত স্থানীয় বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই নিজা সমষ্টিত আচৰতে কিমান উন্নয়ন কৰিলে তাৰ এক জলন্ত উদাহৰণ দাঙি ধৰিলে বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত গেলেকী মিকিৰ গাঁৱৰ ৰাইজে ৷ উন্নয়নৰ ফুলজাৰি মৰা অতুল বৰাৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে ক্ষোভ উজাৰিলে কাজিৰঙাবাসী ৰাইজে । " ৰাইজ আজি ৰাজপথত, অতুল বৰাৰ কাম নাই,অতুল বৰা মুৰ্দাবাদ,অতুল বৰা গ’বেক ধ্বনিৰে কাজিৰঙাৰ আকাশ বতাহ উত্তাল কৰিলে গেলেকী মিকিৰ গাঁৱৰ ৰাইজে । উল্লেখ্য যে, যি সময়ত শাসনাধীন চৰকাৰে উন্নয়ন আৰু বিকাশৰ কথা কৈছে সেই সময়ত উক্ত গাওখনৰ শতাধিক লোকে অন্তহীন সমস্যাৰে সৈতে দিন অতিবাহীত কৰিব লগীয়া হৈছে ৷ গাওঁখনৰ একমত্ৰ মূল পথটোৰ দুৰবস্থাৰ বিষয়ে  আজিলৈকে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক বহুবাৰ আৱেদন নিবেদন কৰিছিল যদিও আজিকোপতি ৰাস্তাটো নিৰ্মানৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷বাৰিষা হলেই একাঠু বোকাৰ মাজেৰে পাৰাপাৰ হব লাগে স্থানীয় ৰাইজৰ লগতে  বিদ্যালয়লৈ যোৱা কণ কণ ছাত্ৰ ছাত্ৰীসকল। বোকা পানী আৰু পথৰ চৰম দুৰাৱস্থাৰ বাবে গাওখনত প্ৰৱেশ কৰিব নোৱাৰে ১০৮  এম্বুলেন্স‌ সেৱা। যাৰ ফলত ৰোগীক হাস্পাতাললৈ নিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয় পৰিয়ালৰ লোক। বিগত ৫ টা বছৰে বোকাখাতৰ বিধায়ক হৈ থকা অতুল বৰাই গাঁওখনৰ দুখ দুৰ্দশাৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি কেৱল চকু মুদা কুলিৰ ভাও ধৰা বুলি স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ ম’তে, কেৱল নিৰ্বাচনৰ সময়তে ভোট  ভিক্ষা কৰিবলৈ আহে মন্ত্ৰী গৰাকীয়ে আৰু সেই সময়তে স্থানীয় ৰাইজক  ৰাস্তা, ঘাট, দলং আদিকে ধৰি নানান ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু আজি পাঁচটা বছৰে সেইয়া প্ৰতিশ্ৰুতিয়েই হৈ থাকিল।  গাওঁবাসীৰ মতে নিৰ্বাচনত জয়ী হোৱাৰ পাছত তেওলোকে আজিলৈ স্বচক্ষে দেখা নাপালে সমষ্টিটোৰ  বিধায়ক অতুল বৰাক । কেৱল বেনাৰ পোষ্টাৰত বিধায়কক দেখিয়েই সন্তুষ্টি লাভ কৰে গাওবাসীয়ে‌। সেয়েহে আগন্তুক নিৰ্বাচনত গাওঁবাসীয়ে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷





No comments