Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

"ৰাইজৰ সম উন্নয়নয়েই বিজেপি দলৰ লক্ষ্য" - পৰ্বতঝোৰাৰ দেবীতলাত মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

গণবাৰ্তা ,গৌৰীপুৰ, ৩১মাৰ্চ : ৰাজ্যখনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে গৌৰীপুৰ সমষ্টিত দুজনকৈ কেন্দ্ৰীয়ে মন্ত্ৰীৰ ৰ্নিবাচনী...


গণবাৰ্তা ,গৌৰীপুৰ, ৩১মাৰ্চ
: ৰাজ্যখনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে গৌৰীপুৰ সমষ্টিত দুজনকৈ কেন্দ্ৰীয়ে মন্ত্ৰীৰ ৰ্নিবাচনী প্ৰচাৰ চলোৱাৰ পিছত সমষ্টিটো উদ্ধাৰৰ বাবে আজি পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত দেবীতলাত গৌৰীপুৰ বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ এক বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা বি,টি,আৰৰ পৰ্বতঝোৰাৰ মহকুমাধীন দেবীতলা হাইস্কুল খেল পথাৰত আজি ধুবুৰী জিলাৰ বিজেপি দলৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজেপি দলৰ নেতৃত্বাধীন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এইবাৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীজনক অঞ্চলটোৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় । মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষনত কয় যে বিজেপি দলৰ নেতৃত্বত চলা চৰকাৰখনে কোনো ধৰণৰ ভেদভাব নকৰাকৈ সকলোৰে উন্নতি বাবে কাম কৰিছে। নামনি অসমৰ সাংস্কৃতিক ভাবে পৰিচিতি থকা গৌৰীপুৰ সমষ্টিত বিগত সময়ত পাচ টা বছৰ এ,আই ইউ ডি এফ দলৰ বিধায়কজনে অসমৰ আন আন সমষ্টিৰ উন্নয়নৰ লগত ফেৰ মাৰিব পৰা নাই । ফলত যোৱা পাঁচ টা বছৰ গৌৰীপুৰ পুৰ সমষ্টি বহু খিনি পিচুৱাই গল।লগতে কয় যে আমাৰ লাগে উন্নতি আৰু এই উন্নতি কেবল বিজেপি দলৰ নেতৃত্বত চলা চৰকাৰখনে দিব পাৰিব আৰু যোৱা পাঁচ টা বছৰ দূৰ্নীতিৰ লগত কোনো ধৰণৰ আপোচ নকৰাকৈ ৰাজ্যখনক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে । কংগ্ৰেছ দলৰ নেতৃত্বত যোৱা ১৫টা বছৰ ৰাজ্যখনক বহু পিচুৱাই লৈ গৈছিল।সেয়ে অসমৰ ৰাইজে কংগ্ৰেছ দলৰ চৰকাৰৰ অপশাসনৰ পৰা পৰিত্ৰাণ পাবলৈ বিজেপি দলৰ প্ৰতি অসমৰ ৰাইজে আস্থা প্ৰকাশ কৰিছিল। মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে এইবাৰো অসমত ডাবল(Double) ইঞ্জিনৰ চৰকাৰ অসমৰ ৰাইজৰ আস্থাত ক্ষমতাত অধিষ্ঠিত হব। মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল এ,আই ইউ ডি এফ দলকো সমালোচনা কৰে। সৰ্বানন্দ সোনোৱাল কয় যে কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ আস্থা নাইকীয়া হৈছে বাবেই ক্ষমতা লাভৰ লালসাত এআইইউডিএফ দলৰ সহায়ত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে । যি অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলি কংগ্ৰেছ দলক কটাক্ষ কৰে।বিজেপি দলৰ চৰকাৰ ক্ষমতাত আহিলে সকলো ধৰনৰ উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি কয় আৰু ইয়াৰ বাবে গৌৰীপুৰ সমষ্টিৰ পৰা ৰাজনৈতিক ভাবে অভিজ্ঞ বিজেপি দলৰ প্ৰাৰ্থী বলেন্দ্ৰ কুমাৰ মুছাহাৰীক ভোট জয়যুক্ত কৰাৰ আহ্বান জনোৱাৰ লগতে মাটি পট্টা, চৰকাৰী চাকৰি, সমষ্টি উন্নয়ন আদিৰ প্ৰতিশ্ৰুতি দিয়ে মূখ্য মন্ত্ৰীয়ে।আজিৰ সভাত গৌৰীপুব সমষ্টি বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বলেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে নিজৰ বক্তব্য কয় যে তেওঁ তিনি বাৰ নিৰ্বাচনত জয়যুক্ত হবলৈ সক্ষম হৈছিল আৰু তিনি বাৰ নিৰ্বাচনত পৰাজিত হৈছিল । এইবাৰ তেওঁৰ ৭মবাৰ নিৰ্বাচনত অবতীৰ্ণ হৈছে আৰু অঞ্চলটোৰ সমগ্ৰীক উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে তেওঁক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় । প্ৰায় ৭সহশ্ৰাধিক ৰাইজৰ উপস্থিতিত আজিৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকে ধুবুৰী জিলাৰ বিজেপি দলৰ ইনচাৰ্চ প্ৰসেনজিৎ দত্ত, গৌৰীপুৰ সমষ্টিৰ বিজেপি দলৰ প্ৰভাৰী ভদ্ৰেশ্বৰ নাথ, পৰ্বতঝোৰাৰ ইউপিপিএল জিলা ইউপিপিএল দলৰ সভাপতি উত্তম হাজোৱাৰী, পৰ্বতঝোৰাৰ প্ৰক্তন এম চি এল এ তথা ইউপিপিএল দলৰ নেতা হেম চন্দ্ৰ ব্ৰহ্ম,পৰ্বতঝোৰা মন্ডল বিজেপি দলৰ সভাপতি সৰ্বেশ্বৰ ৰাভা, ইউপিপিএল দলৰ চি ডব্লিউ চিৰ সদস্য আশীষ সাহাৰ আদি।উল্লেখযোগ্য যে,গৌৰীপুৰ সমষ্টিৰ অধীনস্থ বি টি এডি অঞ্চলত প্ৰায় ৫২৬০০ ভোট থকাৰ ভিতৰত প্ৰায় ১৫০০০ হেজাৰ সংখ্যালঘু ভোটাৰ থকা বুলি জনা গৈছে।সেয়ে বি টি এডিৰ ভোটাৰে এই বেলি গৌৰীপুৰ সমষ্টিত ৰ্নিনায়ক ভূমিকা গ্ৰহণ কৰিব বুলি ধাৰণা কৰিছে ।

No comments