Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সোণতলীৰ বিধৱা মহিলা নিৰুদ্দেশ

গণবাৰ্তা,সোণতলী ২২ মাৰ্চঃ কামৰূপ জিলাৰ বকো বিধান সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত জাওকাটাদিয়া গাঁও নিৱাসী প্ৰয়াত আব্দুল হকৰ পত্নী যোৱা ...


গণবাৰ্তা,সোণতলী ২২ মাৰ্চঃ
কামৰূপ জিলাৰ বকো বিধান সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত জাওকাটাদিয়া গাঁও নিৱাসী প্ৰয়াত আব্দুল হকৰ পত্নী যোৱা ১৫ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ জানিব পৰামতে, খয়ৰণ নেছা (৫৮) নামৰ বিধৱা দৰিদ্ৰ মহিলা গৰাকী যোৱা ১৫ মাৰ্চৰ পুৱা ছয় বজাত নিজ ঘৰৰ পৰা দিন হাজিৰা কৰিবলৈ বদলা গাঁৱলৈ গৈ নিৰুদ্দেশ হয় ৷ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও বিধৱা মহিলা গৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷ ইতিমধ্যে পৰিয়ালৰ লোকে মহিলা গৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ মিঠা বৰনীয়া তথা পাঁচ ফুট উচ্চতাৰ বিশেষভাৱে সক্ষম মহিলা গৰাকীৰ কোনো ধৰণৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নাইবা ৬০০৩২৩১১২১ আৰু ৯৩৬৫৭০২৯৭৪ ফ'ন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ আহব্বান জনাইছে ৷ 

No comments