Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

খিলঞ্জীয়া মুছলমানক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ সোণোৱাল চৰকাৰঃ সংবাদ মেলত সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ সৰ্বানন্দ সোণোৱাল চৰকাৰে খিলঞ্জীয়া মুছলমানক দিয়া প্ৰতিশ্ৰুতি পূৰণত চূড়ান্তৰূপে ব্যৰ্থ হৈছে। খিলঞ্জীয়া ম...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ সৰ্বানন্দ সোণোৱাল চৰকাৰে খিলঞ্জীয়া মুছলমানক দিয়া প্ৰতিশ্ৰুতি পূৰণত চূড়ান্তৰূপে ব্যৰ্থ হৈছে। খিলঞ্জীয়া মুছলমানক লৈ তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে পাঁচটা বছৰে। যাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতিতে থাকি ৰ’ল। —আজি এইবুলি সংবাদ মেল যোগে প্ৰকাশ কৰে সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৱে কয় যে সৰ্বানন্দ সোণোৱাল চৰকাৰে খিলঞ্জীয়া মুছলমান উন্নয়ন নিগম গঠন, আৰ্থ-সামাজিক জৰীপ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।  ইয়াৰ বাবে ১০০ কোটি টকাও ধাৰ্য কৰা হৈছিল। কিন্তু তেওঁলোকে এই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। উন্নয়ন নিগম গঠনৰ পৰিৱৰ্তে উন্নয়ন পৰিষদহে দিলে। এই উন্নয়ন পৰিষদো তৰুণ গগৈ চৰকাৰৰ শাসনকালতেই ২০১৬ৰ ৪ মাৰ্চত গেজেট যোগে গঠন কৰা হৈছিল। কিন্তু এই পৰিষদখনকো যোৱা ৫টা বছৰে সোণোৱাল চৰকাৰে নি¿©ক্ৰয় কৰি ৰাখিছিল। কিন্তু পুনৰায় ২০২১ৰ ১৮ ফেব্ৰুৱাৰীত বিজেপি চৰকাৰে অধিসূচনা জাৰি কৰি গৰিয়া উন্নয়ন পৰিষদ গঠনৰ ঘোষণা কৰে।

 নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত তেওঁলোকে তৰুণ গগৈৰ শাসনকালত গঠন হোৱা উন্নয়ন পৰিষদখন দুনাই গঠনৰ ঘোষণা কৰে বুলি আজি সংবাদমেল যোগে উল্লেখ কৰে সংগঠনটোৱে। ইয়াৰ উপৰি আজি সংবাদ মেলত সংগঠনটোৱে আৰু কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২৭টা সমষ্টিত আমাৰ বহুসংখ্যক লোক আছে। এই লোকসকলে এইবাৰ বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংগঠনটোৱে কয় যে নলবাৰী, ধৰ্মপুৰ, বৰক্ষেত্ৰী, ৰঙিয়া, হাজো, জালুকবাৰী, পশ্চিম গুৱাহাটী, পলাশবাৰী, বৰপেটা, সৰভোগ, মঙলদৈকে ধৰি ৰাজ্যৰ ২৭টা সমষ্টিত আমাৰ বহু খিলঞ্জীয়া মুছলমান লোক আছে। এই লোকসকলৰ সহায়েৰে বিজেপিৰ মিত্ৰজোঁটে যোৱা নিৰ্বাচনত চৰকাৰ গঠনৰ সুযোগ লাভ কৰিছিল। 

 তেওঁলোকে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া প্ৰৱঞ্চনাৰ পৰা পৰিত্ৰাণ পাবলৈ বিকল্পৰ সন্ধানত মিত্ৰজোঁটক সমৰ্থন কৰিছিল। কিন্তু তেওঁলোকে চৰকাৰ গঠন কৰি খিলঞ্জীয়া মুছলমানসকলক প্ৰৱঞ্চনা কৰে। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা আজান পীৰ কলাক্ষেত্ৰ আদি প্ৰতিশ্ৰুতিও পালন নকৰিলে। ২০১৯-২০, ২০২০-২১ বাজেটত নিৰ্ধাৰণ কৰা ১০০ কোটি টকা মোকলাই দি সুকীয়া লোকপিয়লেৰে খিলঞ্জীয়া মুছলমান উন্নয়ন নিগম গঠন কৰি আমাৰ পৰিচয় অস্তিত্বৰ সংকটৰ পৰা উদ্ধাৰৰ প্ৰতিশ্ৰুতিও পালন নকৰিলে সোণোৱাল চৰকাৰে। লগতে বিধানসভাত অতিকমেও দহখন আসনত খিলঞ্জীয়া মুছলমানৰ বাবে সংৰক্ষণৰ প্ৰতিশ্ৰুতিও পালন নকৰিলে। ইমানেই নহয়, নিগম-নিকায়সমূহত ১০ শতাংশ সদস্যৰ পদ সংৰক্ষণৰ প্ৰতিশ্ৰুতিও পালন নকৰিলে। উল্লেখ্য যে আজিৰ সংবাদমেলত উপস্থিত আছিল গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি মকবুল হুছেইন, যুটীয়া সাধাৰণ সম্পাদক ইব্ৰাহিম আলীকে ধৰি আন বহুজন।

No comments