Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাহুল গান্ধীৰ সভাত হাৰিয়ানাৰ হৰিশ শৰ্মাৰ চমক

গণ বাৰ্তা, মৰিয়নি, ২০ মাৰ্চঃ  আজি ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নিলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ সভাত এজন যু...


গণ বাৰ্তা, মৰিয়নি, ২০ মাৰ্চঃ
 আজি ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নিলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ সভাত এজন যুৱকে সকলোকে আকৰ্ষণ কৰে । ৰাহুল গান্ধীৰ অত্যধিক অনুৰাগী হাৰিয়ানাৰ পণ্ডিত হৰিশ শৰ্মা নামৰ যুৱকজনে মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাহুল গান্ধীৰ সভাত উপস্থিত হৈ নৃত্য প্ৰদৰ্শন কৰে । কংগ্ৰেছ দলৰ পতাকাৰ আৰ্হিত প্ৰস্তুত কৰি লোৱা পাঞ্জাবী চোলা আৰু ধুতিৰ লগতে মুৰত পাগুৰি মাৰি লৈছে যুৱকজনে । চোলাত ৰাহুল গান্ধীৰ ছৱিৰ লগতে ৰাহুল গান্ধী জিন্দাবাদ বুলিও লিখা আছে । আনকি যুৱকজনে ব্যৱহাৰ কৰা মাস্কতো ৰাহুলৰ ছৱি বিৰাজমান । হাতত থকা কংগ্ৰেছৰ বৃহৎ পতাকাখনতো ৰাহুল গান্ধী জিন্দাবাদ বুলি লিখাৰ লগতে আছে ৰাহুল গান্ধীৰ ফ'টো । ৰাহুল গান্ধীৰ সভাত নৃত্য প্ৰদৰ্শন কৰা নৃত্যশিল্পী দলৰ সৈতেও যুৱকজনে পতাকা উৰুৱাই নৃত্যত অংশ লয় । এই সম্পৰ্কত পণ্ডিত হৰিশ শৰ্মাই কয়- তেওঁ ৰাহুল গান্ধীৰ প্ৰায়বোৰ সভালৈকে যোৱাৰ চেষ্টা কৰে । তেওঁ ৰাহুল গান্ধীৰ অত্যন্ত অনুৰাগী বুলি উল্লেখ কৰি কয়- বিগত দহ বছৰ ধৰি ৰাহুল গান্ধীৰ অধিকাংশ সভালৈ তেওঁ গৈ আছে । য'তেই ৰাহুলৰ সভা ত'তেই তেওঁ উপস্থিত হয়গৈ বুলি জানিবলৈ দিয়ে যুৱকজনে । তাকো খালী ভৰিৰে I সকলোবোৰ সভাত উপস্থিত থকাতো সম্ভৱ নহ'লেও ৰাহুল গান্ধীৰ অধিকাংশ সভাতে তেওঁ উপস্থিত থাকে বুলি জনায় । তেওঁৰ এনে কাৰ্য্যৰ বিষয়ে ৰাহুল গান্ধীও জ্ঞাত বুলি যুৱকজনে লগতে জানিবলৈ দিয়ে । ইতিমধ্যে তেওঁ ৰাহুল গান্ধীৰ বাবেই সমগ্ৰ দেশ ঘুৰি ফুৰা বুলিও জনায় । ইয়াৰ বাবে তেওঁ নিজৰ ধন খৰচ কৰা বুলি জানিবলৈ দিয়ে । ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী নোহোৱালৈকে তেওঁ এইদৰে সমগ্ৰ দেশ ৰাহুল গান্ধীৰ সৈতে ঘুৰি ফুৰিব বুলিও লগতে জানিবলৈ দিয়ে । আজি পুৱাতে তেওঁ মৰিয়নিত উপস্থিত হয়হি । অৱশ্যে ৰাহুল গান্ধী হেলিকপ্টাৰে যোৱাৰ পিছত তেওঁ কিছু সময় মৰিয়নিতে থাকে । যুৱকজনৰ এনে কাৰ্য্যই সকলোকে আকৰ্ষিত কৰে ।

No comments