Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লখিমপুৰত ৰাষ্ট্ৰীয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

গণবাৰ্তা বিশেষ , লখিমপুৰ ১ মাৰ্চ : উত্তৰ অসমত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান বাবে আজি দিনজোৰা কাৰ্য্যসূচী লৈ এক  বিশেষ হেলিকাপ্টাৰেৰে  দিনৰ...


গণবাৰ্তা বিশেষ , লখিমপুৰ ১ মাৰ্চ
: উত্তৰ অসমত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান বাবে আজি দিনজোৰা কাৰ্য্যসূচী লৈ এক বিশেষ হেলিকাপ্টাৰেৰে  দিনৰ প্ৰায় ১২:১০   বজাত লীলাবাৰী বিমান বন্দৰত উপস্থিত হয় কংগ্ৰেছৰ  কেন্দ্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধী । কেন্দ্ৰীয় নেত্ৰী গৰাকীক বিমান বন্দৰত উষ্ণ আদৰণি জনায় প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ৰিপুন বৰা, বিধায়ক দেবব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুত বৰদলৈ, গৌৰৱ গগৈ, সুস্মিতা দেৱ, ৰূপজ্যোতি কুৰ্মী  সহ বহু সংখ্যক নেতাই । প্ৰায় ২৫ মিনিট সময় বিমান বন্দৰৰ ভিতৰতে কটোৱাৰ পিছত নেত্ৰী গৰাকী গাড়ীৰে ওলাই আহে বিমান বন্দৰৰ বাহিৰলৈ । বিমান বন্দৰৰ মূখ্য দুৱাৰৰ পৰা  বাহিৰ হৈ  গাড়ীৰ পৰা নামি প্ৰায় ৫০০ মিটাৰ  খোজ কাঢ়িয়েই  অপেক্ষাৰত কংগ্ৰেছ কৰ্মী সকলৰ ওচৰলৈ গৈ অভিবাদন  জনোৱাৰ লগতে উপভোগ কৰে বিহু, মিচিং নৃত্য  আৰু ঝুমৰ নৃত্য ।

  ঝুমৰ দলৰ লগত হাতে হাত ধৰি বহু সময় নাচিলে প্রিয়ংকা গান্ধীয়ে । ইয়াৰ পিছতেই চাৱতি অৰুণোদয় কৃষ্টি বিকাশ কেন্দ্ৰত  অনুষ্ঠিত যুৱ  কংগ্ৰেছীৰ এখন সভাত ভাগ লৈ মত বিনিময় কৰে প্ৰিয়ংকাই  । 
তাৰ পিছতেই ত্যাগক্ষেত্ৰত অনুষ্ঠিত দহ খন জিলাৰ কংগ্ৰেছৰ দলীয় নেতা- বিষয় ববীয়াৰ দলীয়  এখন সভাত ভাগ লয় প্রিয়ংকা  গান্ধীয়ে । সভাৰ অন্তত সাংবাদিকৰ লগত হোৱা কথা বতৰাত আগন্তুক সময়ত মহা জোঁট বন্ধনে কংগ্ৰেছক বহু পৰিমাণে সহায় কৰিব বুলিও কয় প্ৰীয়ংকা গান্ধীয়ে ।বিয়লি প্ৰায় ২-৩০ বজাত ত্যাগক্ষেত্ৰৰ পৰা *অসম বাচাওঁ আহক* সেই বিশেষ  গাড়ীৰে ৰাওনা হয় মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীৰ  অভিমুখে । উত্তৰ অসমৰ বহু কেইটা সমষ্টি পৰিভ্ৰমণৰ লক্ষ্যৰেই লখিমপুৰৰ পৰা তেজপুৰ পৰ্য্যন্ত দুদিনীয়া ভ্ৰমণ সুচীৰে এই যাত্ৰা আৰম্ভ কৰিছে প্ৰীয়ংকা গান্ধীয়ে ।

No comments