Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বকোত ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত চাৰিদিনীয়া নাট কৰ্মশালাৰ সামৰনি অনুষ্ঠান

গনবাৰ্তা বকো, ১৫ মাৰ্চ : ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদ , দুধনৈৰ আৱন্টিত ধনৰ দ্বাৰা নৃত্য - গীত , কথা ছবি , নাটক, নাট কলা প্ৰদৰ্শনৰ উন্নয়...


গনবাৰ্তা বকো, ১৫ মাৰ্চ
: ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদ , দুধনৈৰ আৱন্টিত ধনৰ দ্বাৰা নৃত্য - গীত , কথা ছবি , নাটক, নাট কলা প্ৰদৰ্শনৰ উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলমিল ডান্স এণ্ড এক্টিং ফ্লোৰৰ সহযোগত যোৱা ১২ মাৰ্চৰ পৰা ১৫ মাৰ্চ লৈ চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নাট কৰ্মশালাৰ আজি সফল সামৰনি পৰে ৷ বকোৰ চিলাৰায় ভৱনত ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিং আৰ মাৰাকে পৰিচালনা কৰা নাট কৰ্মশালাৰ সামৰনি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই অংশ গ্ৰহন কৰি ভাষন প্ৰসংগত কয় যে, নাট কৰ্মশালাৰ জৰিয়তে ব্যক্তি এগৰাকীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হয় ৷ বিদ্যা - শিক্ষাৰ উপৰিও নাট্য ও অভিনয় , নাট কৰ্মশালাৰ জৰিয়তে ব্যক্তি এগৰাকীয়ে সামাজিক দিশত তথা মানৱ সমাজৰ জীৱনৰ কৃতিত্ব সুন্দৰ ভাবে গঢ় দিবলৈ সহজ হয় ৷ লগতে ব্যক্তি এজনে নাটক, কথা ছবি, গীত, নাট কলাৰ জৰিয়তে সাহস আৰু প্ৰেৰণা লাভ কৰি সাংস্কৃতিক ক্ষেত্ৰত নিজকে দৰ্শকক যথেষ্ট উৎসাহ আৰু উদ্দীপনা কৰি তুলিবলৈ সক্ষম হয় ৷ নাট কৰ্মশালাৰ সামৰনি অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, নগৰমল স্বৰ্গীয়াৰী, হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড° গনেশ্বৰ চহৰীয়া, বকো ছোৱালী স্কুলৰ প্ৰাক্তন শিক্ষক জোনাথন মাৰাক, জিলমিল ডান্স এণ্ড এক্টিং ফ্লোৰৰ সম্পাদক মনোজ দাস প্ৰমুখ্যে কৰি বহুতো জেষ্ঠ্য তথা সমাজকৰ্মীয়ে অংশ গ্ৰহন কৰি নাট কৰ্মশালাৰ প্ৰতি বিস্তৃতভাৱে আলোক পাত কৰে ৷ নাট কৰ্মশালাৰ সামৰনি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক ৰাভা হাছংঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই প্ৰমাণ পত্ৰ বিতৰণ কৰে ৷

No comments