Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মহিলা সকলৰ মাইক্ৰ'ফাইনেঞ্চ ঋণ চৰকাৰে ঘূৰাই দিবঃ মৰাণৰ নিৰ্বাচনী প্ৰচাৰ সভাত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নতুন বিজেপি চৰকাৰে এক লাখ লোকক চাকৰি দিব  গণ বাৰ্তা, মৰাণ, ২১ মাৰ্চঃ মৰাণৰ গৰুধৰীয়াত বিধায়ক চক্ৰধৰ গগৈৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰ...

নতুন বিজেপি চৰকাৰে এক লাখ লোকক চাকৰি দিব 


গণ বাৰ্তা, মৰাণ, ২১ মাৰ্চঃ মৰাণৰ গৰুধৰীয়াত বিধায়ক চক্ৰধৰ গগৈৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । কেইবাশতাধিক লোকৰ উপস্থিতিত বিধায়ক চক্ৰধৰ গগৈৰ হৈ প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী জনে উপস্থিত ৰাইজৰ সৈতে মত বিনিময় কৰাৰ পাছতে সভাত অংশ লৈ কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা কৰি বিধায়ক চক্ৰধৰ গগৈক পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ ৰাইজক আহ্বান জনাই । মন্ত্ৰী জনে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ কয় যে, কংগ্ৰেছ প্ৰাৰ্থীৰ সকলৰ ফটো পাছ ফালে বদৰুদ্দিন আজমলৰ ফটো থাকে । কংগ্ৰেছে ১৫ বছৰে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰৰ দিনত বিধায়ক চক্ৰধৰ গগৈয়ে ৫ বছৰ কৰিলে গতিকে সমষ্টি উন্নয়নৰ স্বাৰ্থত বিধায়ক চক্ৰধৰ গগৈক বিপুল ভোটত জয় কৰিবলৈ আহ্বান জনাই । লগতে মন্ত্ৰী জনে কয় নতুন চৰকাৰ আহিলে কম সুদত ঋণ দিয়া হব আৰু মহিলা সকলৰ  মাইক্ৰ'ফাইনেঞ্চৰ লোন চৰকাৰে ঘূৰাই দিব এই কথা মৰাণৰ নিৰ্বাচনী সভাত ঘোষণা কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । নতুন বিজেপি চৰকাৰে এক লাখ লোকক চাকৰি দিব বুলিও প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী জনে । আনহাতে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে উজনিত বিজেপি দলে অভূতপূৰ্ব্ব ফলাফল লাভ কৰিব মই নিশ্চিত । সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয় যে হাগ্ৰামা মহিলাৰী বিটিচিৰ চীফ থাকোতে ফুটবলত পাম্প আছিল, এতিয়াটো একোয়ে নাই । তেওঁ নিজৰ জেগাতে হাৰিলে । গতিকে তেনে এজনৰ কথা সুধিবই নালাগে বুলি উল্লেখ কৰে ।  আজি নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক সম্পাদক পুলক গোঁহাইৰ লগতে মৰাণ সমষ্টিৰ বিজেপি নেতা কৰ্মী সকল উপস্থিত থাকে । ( প্ৰণৱ ডেকাবৰুৱা, মৰাণ )

No comments