Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আসনক লৈ অগপ-বিজেপিৰ মতানৈক্যঃ সমাধান বিচাৰি দিল্লীত অগপ নেতৃত্বৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ আসনৰ বুজাবুজিক লৈ ৪৮ ঘণ্টা ধৰি অনুষ্ঠিত হোৱা বৈঠকত কোনো সমাধানৰ সূত্ৰ নোলোৱাত অৱশেষত দিল্লীত বাহৰ পাতিছ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ আসনৰ বুজাবুজিক লৈ ৪৮ ঘণ্টা ধৰি অনুষ্ঠিত হোৱা বৈঠকত কোনো সমাধানৰ সূত্ৰ নোলোৱাত অৱশেষত দিল্লীত বাহৰ পাতিছে অগপ নেতৃত্বই। উল্লেখ্য যে বিজেপিয়ে অগপৰ দখলত থকা ছটাকৈ সমষ্টিত প্ৰাৰ্থী দিবলৈ বিচৰাৰ পিছতে দুই মিত্ৰদলৰ মাজত আসন ভাগ-বাটোৱাৰাক লৈ অৰিয়াঅৰিৰ সৃষ্টি হৈছিল। উল্লেখ্য  যে অগপৰ দখলত থকা সমষ্টিকেইটাৰ ভিতৰত বিজেপিয়ে পাটাছাৰকুছি, টীয়ক, কমলপুৰ, লক্ষীপুৰ, নাহৰকটীয়া আৰু পশ্চিম গুৱাহাটী বিচাৰিছে। ইয়াৰ বিপৰীতে বিজেপিৰ দখলত থকা হাজো, বিশ্বনাথ, ৰহা আৰু ছিপাঝাৰ সমষ্টি অগপক এৰি দিব বিচাৰিছে।

  বিজেপিয়ে অগপক বঢ়মপুৰ, বোকাখাত, কলিয়াবৰ, বঙাইগাঁও, দেৰগাঁও, আমগুৰি, তেজপুৰ দিব বিচাৰিছে। কিন্তু অগপই পূৰ্বতে বিজয় সাব্যস্ত কৰা সমষ্টিকেইটা এৰি দিব বিচৰা নাই। যাৰ বাবে আসন ভাগ-বাটোৱাৰাত ব্যাপক জটিলতাৰ সৃষ্টি হৈছে। তদুপৰি বিজেপিয়ে পলাশবাৰী আৰু চাবুৱা সমষ্টিতো প্ৰাৰ্থী প্ৰদান কৰিব বিচাৰিছে। যাৰ ফলত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সৈতে হোৱা বৈঠকত কোনো ফলাফল নোলোৱাত আজি দিল্লীলৈ উৰা মাৰে অগপৰ কেন্দ্ৰীয় নেতৃত্ব।

 আজি অগপৰ সভাপতি অতুল বৰাকে আদি কৰি শীৰ্ষস্থানীয় নেতৃত্ব দিল্লীত উপস্থিত হৈ বিয়লিৰ ভাগত অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰে আৰু পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ সৈতে বৈঠকত বহাৰ কথা আছিল যদিও বাতৰি লিখাৰ পৰলৈকে বৈঠক অনুষ্ঠিত হোৱা নাছিল। ইপিনে জানিব পৰা অনুসৰি নিৰ্বাচনত আসন ভাগ-বাটোৱাৰাৰ কথা নিৰ্বাচনী ৰণকৌশল চূড়ান্ত কৰাৰ বাবে অহা শুকুৰবাৰ বা শনিবাৰেহে বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব আৰু এই বৈঠকৰ পিছতহে আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত এখন ছবি পোহৰলৈ অহাটো স্পষ্ট হৈ পৰিব। 

অৱশ্যে যদি মিত্ৰজোঁটৰ ওপৰত অগপৰ শীৰ্ষ নেতৃত্বই হেঁচা প্ৰয়োগ কৰিব পাৰে, তেন্তে কাইলৈৰ ভিতৰত সকলো স্পষ্ট হৈ পৰিব। ইপিনে ইউপিপিএল আৰু গণশক্তিৰ সৈতে মিত্ৰতা সন্দৰ্ভত সকলো আলোচনা সমাপ্ত হৈছে বুলি আজি জানিবলৈ দিছে স্বাস্থ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই। এনে অৱস্থাত অগপই দাবী কৰা অনুসৰি আসন লাভ কৰিব নে নাই, নে বিজেপিৰ সন্মুখত পুতলাৰ দৰে হৈ থাকিব সেয়া সময়েহে ক’ব।

No comments