Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভৱানীপুৰ সমষ্টিত বিশাল বাইক ৰেলীৰে আদৰি আনিলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰক

  গণবাৰ্তা বিশেষ,ভৱানীপুৰ,১১ মাৰ্চঃ  প্ৰাৰ্থীত্ব লাভ কৰি প্ৰথম বাৰৰ বাবে সমষ্টিত পদাৰ্পন কৰিলে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট সমৰ্থিত এ আই ইউ ড...


 গণবাৰ্তা বিশেষ,ভৱানীপুৰ,১১ মাৰ্চঃ প্ৰাৰ্থীত্ব লাভ কৰি প্ৰথম বাৰৰ বাবে সমষ্টিত পদাৰ্পন কৰিলে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট সমৰ্থিত এ আই ইউ ডি এফ দলৰ ৪১ নং ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰক। আজি কেইবা সহশ্ৰাধিক সমৰ্থকে বাইক ৰেলীৰে শক্তি প্ৰদৰ্শণ কৰি বজালীৰ তালতলৰ পৰা সমষ্টিত আদৰি আনিলে প্ৰাৰ্থী গৰাকীক। পুষ্পসজ্জিত বাহনত উঠি পাছে পাছে কৰ্মী সমৰ্থকৰ বিশাল বাইক ৰেলীৰে সমষ্টিৰ চুকে কোনে ঘুৰি ভোটাৰ ৰাইজৰ আশীৰ্বাদ বিচাৰে প্ৰাৰ্থী গৰাকীয়ে। সমষ্টিটোৰ বিভিন্ন ঠাইত প্ৰাৰ্থী গৰাকীক ৰাইজে উষ্ম আদৰণি জনোৱাৰ লগতে শুকমানাহ বজাৰতো আদৰণি জনায় বহু সংখ্যক কৰ্মী-সমৰ্থকে। আনহাতে সমষ্টিটোত দুবাৰকৈ এ আই ইউ ডি এফ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বৰ্তমানৰ বিধায়ক আবুল কালাম আজাদে। কিন্তু বৰ্তমানৰ বিধায়ক গৰাকীয়ে দলৰ পৰা বিভিন্ন কাম-কাজত এলাগী হৈ পৰাৰ ফলত দলীয় সিদ্ধান্ত মৰ্মে বিধায়ক গৰাকীৰ পাখি কাটি দলে প্ৰক্ষেপ কৰিছে ধনবল বাহুবল থকা ফণীধৰ তালুকদাৰক। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ফণীধৰ তালুকদাৰে ভৱানীপুৰ সমষ্টিটিতে ধনবল বাহুবল প্ৰদৰ্শণ কৰি নিৰ্দলীয় হৈ দুবাৰকৈ প্ৰতিদ্বন্দিতাত নামিছিল যদিও বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা নাছিল। যদিও এইবাৰ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট সমৰ্থিত এ আই ইউ ডি এফ ৰ পৰা টিকট লৈ পুনৰ হাজিৰ হৈছে ভৱানীপুৰ সমষ্টিত। ইফালে সমষ্টিটোত এতিয়াও প্ৰাৰ্থীৰ নাম ঘোষনা কৰা নাই শাসকীয় বিজেপি দল তথা মিত্ৰদল অগপই। প্ৰাৰ্থীজনক শুকমানাহত বিভিন্নজনে আদৰণি জনোৱাৰ পাছতে সাংবাদিকৰ আগত প্ৰাৰ্থীজনে কয়- পূৰ্বেও মই নিৰ্বাচন খেলিছিলো কিন্তু এনেকুৱা সমৰ্থক মই দেখা নাছিলো, পূৰ্বে যিকেইটা দলৰ হাতত মই পৰাজিত হৈছিলো সেই দলকেইটা মোৰ লগত আছে গতিকে মোৰ বিজয় নিশ্চিত। আনহাতে সাংবাদিকে মূল প্ৰতদ্বন্দী কোন হ'ব বুলি প্ৰশ্ন কৰাত প্ৰাৰ্থী গৰাকীয়ে কয়- কাৰো লগত মোৰ প্ৰতিদ্বন্দিতা হ'ব বুলি মই নাভাৱো। তেও আৰু কয়- যিসকলে প্ৰাৰ্থীত্বৰ লাভৰ বাবে আবেদন কৰিছিল কিন্তু প্ৰাৰ্থীত্ব লাভ কৰিবলৈ সক্ষম নহ'ল তেওলোকক ক্ষোভিত নহৈ মহাজোঁটৰ চৰকাৰ গঠন ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আহ্বান জনায়।

No comments