Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয়ত পোষ্টেল বেলট সম্পৰ্কত সভা

পঙ্কজ নাথ, চাংসাৰি, ১০ মাৰ্চ : কামৰূপ নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্য্যালয়...


পঙ্কজ নাথ, চাংসাৰি, ১০ মাৰ্চ
: কামৰূপ নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ বিষয়া আৰু ৰাজনৈতিক ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত কালি মঙ্গলবাৰে অনুষ্ঠিত এক সভাত পোষ্টেল বেলটৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় । এই সভাতে কামৰূপ নিৰ্বাচন জিলা আৰু ৰঙিয়া নিৰ্বাচন জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটাৰ ই ভি এম মেচিনৰ প্ৰথম ৰেনডমাইছজেশ্বন প্ৰক্ৰিয়া সম্পন্ন কৰা হয় । সভাত ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি, দিব্যাংগ আৰু কোভিড -১৯ সন্দেহযুক্ত বা আক্রান্ত ভোটাৰক পোষ্টেল বেলটৰে ভোটদানৰ বাবে ভোট দানৰ বাবে নিৰ্বাচন আয়োগে প্ৰদান কৰা সুবিধাৰ কথা উপায়ুক্ত গৰাকীয়ে বিতং ভাবে ব্যাখ্যা কৰে । তেওঁ কয় যে জিলা প্ৰশাসনে পোষ্টেল বেলটৰ এই প্ৰক্ৰিয়াটো সুকলমে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিছে । তদুপৰি, অত্যৱশকীয় সেৱাৰ সৈতে জড়িত ভোটাৰ সকলেও পোষ্টেল বেলটৰ সুবিধা লাভ কৰাৰ বিষয়টোও জিলা উপায়ুক্ত গৰাকীয়ে সভাত বিতং ভাবে উল্লেখ কৰে । উল্লেখ্য যে ভাৰতৰ নিৰ্বাচন আয়োগে ১১ টা সেৱাক অত্যাৱশ্যকীয় সেৱা হিচাপে নিৰ্ধাৰণ কৰিছে । সেৱা কেইটা হৈছে – বিদ্যুৎ , বি এছ এন এল, ৰেলৱে, স্বাস্থ্য কৰ্মী আৰু স্বাস্থ্য বিভাগ, অসম, অসামৰিক বিমান পৰিবহন, অসম ৰাজ্যিক পৰিবহন নিগমৰ দীর্ঘ দূৰত্বৰ সেৱাত নিয়োজিত বিষয়া- কৰ্মচাৰী, অগ্নি নিৰ্বাপন সেৱা, যান-বাহন আৰক্ষী, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ এম্বুলেন্স সেৱা, নিৰ্বাচন আয়োগৰ দ্বাৰা অনুমতি লাভ কৰা নিৰ্বাচনৰ কামত নিয়োজিত সংবাদ কৰ্মী, জাহাজ । সভাত অতিৰিক্ত উপায়ুক্তদ্বয় সুজিৎ বাগলাৰী আৰু মানালী জৈন, নিৰ্বাচন বিষয়া অপ্ৰতিম গোস্বামী, ৰঙিয়াৰ নিৰ্বাচন বিষয়া হৃদয় দাস আদিকে ধৰি জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে।

No comments