Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ প্ৰাৰ্থিত্ব মানি নলয় বিজেপি কৰ্মীয়ে ; কাৰ্যালয়ত ওলোমালে তলা

গণবাৰ্তা,ছিপাঝাৰ,৬ মাৰ্চ: ছিপাঝাৰত বিজেপি- অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীকলৈ আজিও অব্যাহত আছে প্ৰতিবাদ।আসন্ন বিধানসভা নিৰ্বাচনত ছিপাঝাৰৰ আসনখন বিজে...


গণবাৰ্তা,ছিপাঝাৰ,৬ মাৰ্চ:
ছিপাঝাৰত বিজেপি- অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীকলৈ আজিও অব্যাহত আছে প্ৰতিবাদ।আসন্ন বিধানসভা নিৰ্বাচনত ছিপাঝাৰৰ আসনখন বিজেপিয়ে এইবাৰ মিত্ৰতা সূত্ৰে অগপক এৰি দিয়াত অগপই সমষ্টিটোত সাহিত্যিক পৰমানন্দ ৰাজবংশীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে যো- জা চলাওঁতেই ছিপাঝাৰৰ বিজেপি নেতা-কৰ্মী সকলে তীব্ৰ বিৰোধীতা কৰাত বিজেপি নেতৃত্বই সেওমানি আসনখন বিজেপিক দি প্ৰাৰ্থিত্ব হিচাপে পৰমানন্দ ৰাজবংশীক বিজেপিত যোগদান কৰাই তেওঁকে প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিবলৈ বিচৰাৰ খবৰে পুনৰ ছিপাঝাৰৰ বিজেপি কৰ্মী সকলক ক্ষোভিত কৰি তোলে।যাৰ বাবে আজি ক্ষুব্ধ কৰ্মী সকলে পৰমানন্দ ৰাজবংশীৰ প্ৰাৰ্থিত্বৰ বিৰোধীতা কৰি তেওঁৰ প্ৰাৰ্থিত্ব কোনো কাৰণতে মানি নলোৱাৰ বিপৰীতে পুৰণি বিজেপি কৰ্মীক টিকট দিবলৈ দাবী জনাই।বিজেপি কৰ্মী সকলে ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডল বিজেপি কাৰ্যালয়ত তলা ওলোমাই দিয়ে।

No comments