Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেনুপমা ৰাজখোৱা হৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

গণ বাৰ্তা কাকজান, ২৩মাৰ্চ : বিধান সভা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অংশ হিচাপে আজি যোৰহাট জিলাৰ ১০২নং টীয়ক সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেনুপমা ৰ...


গণ বাৰ্তা কাকজান, ২৩মাৰ্চ :
বিধান সভা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অংশ হিচাপে আজি যোৰহাট জিলাৰ ১০২নং টীয়ক সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেনুপমা ৰাজখোৱা হৈ মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ কাৰ্যত অংশ গ্ৰহণ কৰে ।আজি টীয়কৰ কাকজান খেল পথাৰত প্ৰায় দহ সহস্ৰাধিক লোকৰ উপস্থিতত আয়োজন কৰা সভাখনত ড° হিমন্ত বিশ্ব শৰ্মাই অসমত পুনৰ বিজেপি দলে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি টীয়কৰ দৰে সমস্যা বহুল সমষ্টিৰ প্ৰতিটো উন্নয়নৰ কাম বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীক ভোট দি বিজয় কৰিলেহে সম্ভৱ বুলি উল্লেখ কৰে ।লগতে কংগ্ৰেছৰ দিনত মানুহে দৰিদ্ৰতাৰ মাজত জীৱন অতিবাহিত কৰিছিল তেওঁলোকে আচঁনি তৈয়াৰ কৰাৰ নামত ভ্ৰষ্টাৰ দুৰ্নীতি আশ্ৰয় লৈ জনসাধাৰনক ঠগ প্ৰৱঞ্চনাৰে প্ৰলোভিত কৰাৰ বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে ।ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে মহাজোঁটৰ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বদৰুদ্দিনৰ বোকুচাত উঠি মুখ্য মন্ত্ৰী হোৱাৰ সপোন দেখিছে বুলি উল্লেখ কৰে । বদৰুদ্দিন আজমলে অসমত মহাজোঁটৰ চৰকাৰ হলে মাদ্ৰাছা বোৰ পুনৰ মুকলি কৰি অসমত সাম্প্ৰদায়িক বীজ ৰোপন কৰিব বুলি উল্লেখ কৰে । তেওঁ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত বিভিন্ন বিভাগত অসমৰ এক লাখ যুৱ যুৱতীক সংস্থাপিত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ব্যৱস্থা হাতত লোৱা হব বুলি উল্লেখ কৰে ।মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত অহা ২ মে অসমত বিজেপি চৰকাৰ গঠন হ'লে আধৰুৱাকৈ থকা ললিত চন্দ্ৰ ৰাজখোৱা মিনি ষ্টেডিয়াম খন সম্পূৰ্ণ কৰাৰ লগতে ঢেকীয়াখোৱা মাধৱদেৱ কলাক্ষেত্ৰ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।সমষ্টিটোৰ বান পানী গৰাখহনীয়া সমস্যা সমাধান কৰাৰ লগতে এজিপি আৰু বিজেপি দলে উন্নয়নৰ ক্ষেত্ৰত এখন সমন্বয়ক সমিতি গঠন কৰি কাম কাজ সমুহ কৰি যাব বুলি উল্লেখ কৰে । আগন্তক দিনত এখন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনত প্ৰাৰ্থী গৰাকীক বিজয় কৰি পঠাবলৈ উপস্থিত ৰাইজক আহ্বান জনাই ।সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেনুপমা ৰাজখোৱাৰ লগতে বিজেপি দলৰ জিলাৰ সভাপতি কামাখ্যা মোহন দাস ,টীয়কৰ প্ৰভাৰী দীপক গোস্বামী, জিলা বিজেপিৰ সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াৰ লগতে মন্ত্ৰী গৰাকীৰ লগত সাংসদ তপন গগৈ উপস্থিত থাকে । 

No comments