Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ কাংসপাৰ বৰ মাজঠাই নামঘৰত দৌল উৎসৱ উদযাপন

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ২৯মাৰ্চ : যোৰহাট  ঢেকিয়াজুলি সোণাৰি গাঁৱৰ কাংসপাৰ বৰমাজঠাই নামঘৰৰ ভক্ত-বৈষ্ণৱৰ উদ‍্যোগত,স্হানীয় ৰাইজৰ সহযোগত বিগত বৰ্...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ২৯মাৰ্চ : যোৰহাট  ঢেকিয়াজুলি সোণাৰি গাঁৱৰ কাংসপাৰ বৰমাজঠাই নামঘৰৰ ভক্ত-বৈষ্ণৱৰ উদ‍্যোগত,স্হানীয় ৰাইজৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবাৰো  দুদিনীয়া কাৰ্যসূচীৰে প্ৰভূৰ দৌল উৎসৱ উদযাপন কৰে।তদুপলক্ষে ২৭মাৰ্চত সন্ধ‍্যাৰ পৰা উপবাস,নাম কীৰ্ত্তন আৰু দ্বিতীয় দিনা পুৱাৰে পৰা ভক্ত বৈষ্ণৱ নামঘৰত সমবেত হৈ পুৱা বৰগীত,দিহানাম  পৰিৱেশনৰ পাছতেই ডেকা সত্ৰাধিকাৰ অকমান মহন্তই গুৱা শৰাই,বন্তিপ্ৰজ্জলনে নামঘৰৰ মূল আসনৰ গোসাঁইক গাখীৰে গা ধোৱাই ,ফুল,তুলসী,ফাকু সানি ভক্ত- বৈষ্ণৱক নিৰ্মালি প্ৰদান কৰে। ইয়াৰ পাছতেই ডেকা অধিকাৰৰ দ্বাৰা নাম  প্ৰসংগ ,যুৱক বৃন্দৰ দ্বাৰা সংকীৰ্তন,হলি গীত পৰিৱেশনে দোলাত গোসাঁইকলৈ ভক্ত বৈষ্ণৱ,আই সকলে নামঘৰৰ পৰা শোভাযাত্ৰা বাহিৰ কৰি ভক্তি ৰসত সকলো বিলীন হয়।লগতে গাঁও বাসীয়ে শোভাযাত্ৰাৰ বেলাত ঈশ্বৰ মানি পদুলীৰ মুখে মুখে  গুৱা শৰাই আগবঢ়াই সেৱা ধৰা দৃশ‍্যই ৰাইজক আপ্লূত কৰে।পুণৰ সকলো নামঘৰত সমৱেতহৈ অপৰাধ ভঞ্জনে সন্ধ‍্যালৈ হিয়ানাম,গায়ন-বায়ন পৰিৱেশনে দৌল উৎসৱৰ সামৰণি পৰে।

No comments