গণ বাৰ্তা,ফিল'বাৰী,২ মাৰ্চ : উজনি অসমত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ নাৰ্য্য প্ৰাপ্ত অধিকাৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত...
গণ বাৰ্তা,ফিল'বাৰী,২ মাৰ্চ : উজনি অসমত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ নাৰ্য্য প্ৰাপ্ত অধিকাৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্তৰে স্বায়ত্ব শাসন প্ৰদানৰ দাবী আৰু ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ হ্ৰাস কৰাৰ দাবীত ২০১০ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে সদৌ মৰাণ ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাৰ ডিৰাক গেটৰ পৰা "দিছ্পুৰপলৈ যাওঁ বলক"শীৰ্ষক মটৰচাইকেল ৰেলি কাৰ্যসূচী সফল ৰূপায়ন কৰি ঘৰলৈ ঘুৰি অহাৰ যাত্ৰাত ২ মাৰ্চ তাৰিখে গুৱাহাটীৰ সোণাপুৰ ডিগাৰু চাৰিআলিত এক অনাকাংক্ষিত পথ দুৰ্ঘটনাত ফিল'বাৰী আঞ্চলিক সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বিনন্দ মৰাণে মৃত্যুক আঁকোৱালি লোৱাৰ দিনটো মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে মৰাণ জাতীয় শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছে ।জনগোষ্ঠীটোৰ কেউটা সংগঠনে বিনন্দ মৰাণক জাতীয় শ্বহীদ ঘোষণা কৰি প্ৰতি বছৰৰ ২ মাৰ্চ দিনটো পালন কৰি অহা শ্বহীদ দিৱসৰ এই বৰ্ষ আজি সদৌ মৰাণ ছাত্র সন্থাৰ উদ্যোগত মৰাণ জনগোষ্ঠীটোৰ আটাইকেইটা সংগঠনৰ সৌজন্যত সদৌ মৰাণ ছাত্ৰ সন্থা ফিল'বাৰী আঞ্চলিক সমিতিৰ আতিথ্যত স্থানীয় যুৱক সংঘ আৰু ৰতনী পথাৰ বাসী ৰাইজৰ সহযোগত ৰতনী পথাৰ প্ৰদীপ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে পালন কৰে মৰাণ জাতীয় শ্বহীদ দিৱস । শ্বহীদ দিৱসৰ পূৱা সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে পাতাকা উত্তোলন মুনীন দুৱৰাই শ্বহীদ তৰ্পণ আৰু স্থানীয় শিক্ষক বহেশ্বৰ মৰাণে বৃক্ষ ৰোপণ অনুষ্ঠান ৰূপায়ণ কৰাৰ পাছতে জাতীয় শ্বহীদ বিনন্দ মৰাণৰ প্ৰতিচব্বিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰে ৰতনী পথাৰ ৰাজহুৱা নামঘৰ মুখ্য পুৰোহিত তিলেশ্বৰ মৰাণে । ইয়াৰ পাছতে কাৰ্যসূচী অনুসৰি ঐক্য সমন্বয়ৰ কামনাৰে অঞ্চলটোৰ উদ্যমী সমাজসেৱক ৰতনী পথাৰ নিৱাসী প্ৰদীপ বড়াই শান্তিৰ প্ৰ্তীক এযোৰ পাৰ চ'ৰাই উৰণ কাৰ্য সমাপনৰ পাছতে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী কৰি সভাপতি বলীন্দ্ৰ মহন্তই উদ্বোধন কৰে মৰাণ জনগোষ্ঠীৰ গায়ন-বায়ন,কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দল স্থানীয় ৰাইজৰ অংশ গ্ৰহণে বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰা ।দুপৰীয়ালৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ইলেশ্বৰ চেতিয়াই । মৰাণ ছাত্ৰ সন্থাৰ উপদেষ্টা দুলাল মৰানে নিদিষ্ট বক্তব্য প্ৰদান কৰা সভাত মৰাণ ছাত্ৰ সন্থাই প্ৰদান কৰি অহা বিনন্দ মৰাণ সতীৰ্থ বঁটাটো এই বৰ্ষ প্ৰদান কৰে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা ৭০ দশকৰ পৰা মৰাণ জনগোষ্ঠীটোৰ হকে নিবিড় ভাৱে সেৱা আগবঢ়াই অহা গোলোক মৰাণক ।এই বঁটাৰ সৈতে বঁটাত নগদ ধনসহ স্মাৰক কিতাপৰ টুপোলা প্ৰ্ষষ্ঠি পত্ৰ ।সভাত মণ্টু মৰাণ আৰু ধমেন্দ্ৰ মৰাণৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "সতীৰ্থ" উন্মোচন কৰে ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমৰজিৎ শইকীয়াই ।সভাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উপদেষ্টা দুলাল মৰাণ, অসম মৰাণ সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজীৱ বড়া, সদৌ মৰাণ ক'লা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক মন্টু চেতিয়া, মৰাণ কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ সাধাৰণ সম্পাদক ভাৰ্ণৱ মৰাণ,মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওগ, অসম জাতীয়তাবদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণ, সদৌ অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি বিপ্লৱ নেওগ ,সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিদ্যুৎ সোণোৱাল,গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সহকাৰী সম্পাদক দিলীপ ছেত্ৰী লগতে কেইবাগৰাকীও সন্মানীয় ব্যক্তি উপস্থিত থাকে।
No comments