Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধিং সমষ্টিৰ জামুগুৰিত পুলিং বিষয়া সকলৰ হেমাহিৰ বাবে ভোটদানত পলম হোৱাৰ অভিযোগ ভোট দাতা ৰাইজৰ

গনবাৰ্তা টুকটুকী,২৭ মাৰ্চ : ৰাজ্যত আজি চলি থকা প্ৰথম পৰ্যায়ৰ ভোটদানত ৮৩ নং ধিং বিধানসভা সমষ্টিত শান্তিপূৰ্ণ ভাৱে ভোটদান চলি আছে যদিও ১০১ নং...


গনবাৰ্তা টুকটুকী,২৭ মাৰ্চ
: ৰাজ্যত আজি চলি থকা প্ৰথম পৰ্যায়ৰ ভোটদানত ৮৩ নং ধিং বিধানসভা সমষ্টিত শান্তিপূৰ্ণ ভাৱে ভোটদান চলি আছে যদিও ১০১ নং ভোট গ্ৰহণ কেন্দ্ৰ জামুগুৰি এম ই স্কুল পশ্চিম খণ্ডত প্ৰিজাইডিং বিষয়াৰ হেমাহীৰ বাবে ভোটগ্ৰহন প্ৰক্ৰিয়া যতেষ্ট পলম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কেন্দ্ৰটোত পোৱা ৭ বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিছিল যদিও ই ভি এম মেচিন স্থাপন প্ৰক্ৰিয়া লেহেমীয়া কৰাত আধাঘন্টা পলমকৈ ভোটগ্ৰহন আৰম্ভ কৰিব লগীয়া হয়। ইয়াৰ পিছৰে পৰাই শামুকীয়া গতিৰে ভোট গ্ৰহণ চলাই থকাত সন্ধিয়া বাতৰি যোগত কৰা লৈকে প্ৰায় তিনি শতাধিক পুৰুষ-মহিলা ভোটদাতা ৰাইজ কেবা ঘন্টা ধৰি শাৰী পাতি ৰখি থাকিব লগীয়া হোৱাত কেন্দ্ৰ টোত চেপা উত্তেজনাই বিৰাজ কৰিছে।অভিযোগ উত্থাপিত হোৱা মতে, প্ৰিজাইডিং বিষয়াই নিজৰ খেয়াল খুচি মতে কৰ্তব্যত হেমহি কৰাৰ বাবেই এনে সমস্যাই দেখা দিছে বুলি ভোটাৰ ৰাইজে জনাইছে।

No comments