Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টীয়কত মিত্ৰ জোঁটৰ পাঁচ শতাধিক নবীন-প্ৰবীণ নেতাৰ শ্যাম কানু মহন্তক সমৰ্থত

  গণবাৰ্তা টীয়ক,৬ মাৰ্চ : যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ ৰাজনৈতিক দল সমূহে দলীয় প্ৰাৰ্থীত্বৰ তালিকা ঘোষণাৰ লগে লগে অসমৰ প্ৰায়বোৰ...

 


গণবাৰ্তা টীয়ক,৬ মাৰ্চ: যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ ৰাজনৈতিক দল সমূহে দলীয় প্ৰাৰ্থীত্বৰ তালিকা ঘোষণাৰ লগে লগে অসমৰ প্ৰায়বোৰ সমষ্টিতে আৰম্ভ হৈছে প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত। উল্লেখযোগ্য যে ৪৭ টা সমষ্টিত অহা ২৭ মাৰ্চত অনুষ্ঠিত হ'ব পঞ্চৰ্দশ বিধানসভা নিৰ্বাচন। ইতিমধ্যে অগপ-বিজেপি মিত্ৰ জোঁটকে ধৰি মহা জোঁটত থকা কংগ্ৰেছ আৰু অন্যান্য দল, অসম জাতীয় , পৰিষদ ৰাইজৰ দলে কিছু কিছু সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে । ইয়াৰ মাজতে বিভিন্ন সমষ্টিত পচন্দৰ প্ৰাৰ্থী নোপোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে তৃণমূল কৰ্মী সকল। টীয়কতো এজিপিৰ প্ৰক্ষেপীত প্ৰাৰ্থী শ্যামকানু মহন্তৰ সমৰ্থত অগপ আৰু বিজেপিৰ পাঁচ শতাধিক নেতা-কৰ্মীয়ে টীয়কৰ ফুডভিলা ৰেষ্টুৰেন্টত এখন যৌথ সভা আহ্বান কৰি টীয়কৰ উন্নয়নৰ বাবে এজন যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিবলৈ ৰাজ্যিক নেতৃত্বক আহ্বান জনাই। ইফালে বিকাশ শইকীয়াক প্ৰাৰ্থীত্ব নিদিলে অগপৰ ১৯ খন আঞ্চলিকে পদত্যাগ কৰা বিষয়টো ভুৱা প্ৰচাৰ বুলি জানিবলৈ দিয়াৰ লগতে বিকাশ শইকীয়াৰ সমৰ্থনত প্ৰতিবাদ কৰা সকল ঠিকাদাৰ বুলি জানিবলৈ দি গৰিহণা দিয়ে। মনকৰিবলগীয়া যে সভাত বিকাশ শইকীয়া মূর্দাবাদ আৰু শ্যাম কানু মহন্ত জিন্দাবাদ ধ্বনি দি উত্তাল কৰি তোলে। সভাখনত অগপৰ কেইবাজনো কাৰ্যনিৰ্বাহক আৰু বিজেপিৰ জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে।

No comments