Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাঘবৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ৰাজীৱ আহমেদক উস্ম আদৰণি কৰ্মী-সমৰ্থকৰ

  গণ বাৰ্তা,মন্দিয়া,১০মাৰ্চ : বাঘবৰ সমষ্টিত এতিয়ালৈকে মূল প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কোন হ'ব থিৰাং নহ'লেও এআইইউডিএফ দলে আজিৰে পৰা নিৰ...

 


গণ বাৰ্তা,মন্দিয়া,১০মাৰ্চ: বাঘবৰ সমষ্টিত এতিয়ালৈকে মূল প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কোন হ'ব থিৰাং নহ'লেও এআইইউডিএফ দলে আজিৰে পৰা নিৰ্বাচনী ৰণ দুন্দুভি বজোৱাটো পৰিলক্ষিত হয়। সমষ্টিটোত এআইইউডিএফ দলৰ প্ৰাৰ্থী ৰাজীৱ আহমেদে দলীয় টিকটলৈ আজি সমষ্টিলৈ পদাৰ্পন কৰাৰ লগে লগে তেওঁক দলীয় নেতা কৰ্মী সমৰ্থকে বিপুল সম্বৰ্ধনা জনায়। বিশেষকৈ দলটোৰ যুৱমৰ্চাৰ নেতা কৰ্মী-সমৰ্থক সকলে শ্ৰীমন্ত শংকৰ মাধব কলেজৰ সন্মূখৰ পৰা ৰাজীৱ আহমেদক খোলা গাড়ীত উঠাই বিভিন্ন শ্লোগানেৰে সমষ্টিলৈ আদৰি আনে। কংগ্ৰেছৰ পৰা অসম গণ পৰিষদ,অসম গণ পৰিষদৰ পৰা এআইইউডিএফ দললৈ আহি প্ৰাৰ্থীত্ব লাভ কৰা ৰাজীৱ আহমেদক বন্ধুত্ব পূৰ্ণ প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব সেয়া নিদিষ্ট হ'লে সৰ্বসাধাৰণ ভোটাৰ ৰাইজে কেনেদৰে আদৰি লয় সেয়া সময়ত লক্ষণীয় হ'ব।

No comments