Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দুধনৈত বিজেপি মিত্ৰজোঁটৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান

গণ বাৰ্তা,দুধনৈ, ২৬ মাৰ্চ : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুধনৈ বিধানসভা সমষ্টিত সকলো প্ৰাৰ্থীয়ে ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে নিজ নিজ ৰণকৌশলেৰে চ...


গণবাৰ্তা,দুধনৈ, ২৬ মাৰ্চ : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুধনৈ বিধানসভা সমষ্টিত সকলো প্ৰাৰ্থীয়ে ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে নিজ নিজ ৰণকৌশলেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। ইপিনে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভাৰ হৈ বিজেপি আৰু যৌথ সংগ্ৰাম সমিতিয়ে ২৩ মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে সমষ্টিটোৰ গাঁৱে-ভূঞে চলাইছে ব্যপক নিৰ্বাচনী প্ৰচাৰ। কালি যৌথ সংগ্ৰামৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ হৈ হাবাংগিৰিত নিৰ্বাচনী প্ৰচাৰ চলায় ৰাভা হাছংৰ চীফ টংকেশ্বৰ ৰাভাই। দামৰা আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি টংকেশ্বৰ ৰাভাই নিৰ্দলীয় প্ৰাৰ্থী দীপক কুমাৰ ৰাভাক তীব্র কটাক্ষ কৰি কয় যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু যৌথ সংগ্ৰামৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাবে নিৰ্বাচিত কৰি পঠোৱা হৈছিল- ৰাভা হাছঙৰ প্ৰশ্ন উত্থাপনৰ বাবে, জাতিৰ সমস্যা সম্পৰ্কত, ৰাভা হাছংবাসীৰ সমস্যা সমাধানৰ সম্পৰ্কত মাত মাতিবলৈ। কিন্তু যোৱা পাঁচটা বছৰে দীপক কুমাৰ ৰাভাই একো মাত নামাতিলে। টংকেশ্বৰ ৰাভাই কয়- দীপক কুমাৰ ৰাভাই সমষ্টিত ৰাস্তা বনাইছে। ৰাস্তা বনোৱা নাই বুলি কোনেও নকয়। কিন্তু অকল ৰাস্তা বনালেই উন্নয়ন নুবুজায়। সেই টকা অসম চৰকাৰে দিয়া টকা। টকা পালে এই কাম সকলোৱে কৰিব পাৰে। মুখ্য কাৰ্য্যবাহী গৰাকীয়ে লগতে কয়- বিজেপি দলৰ বিধায়ক হৈ তেওঁ বিজেপিক কিমান ভাল পায় সেয়া তেওঁ নিজে বিজেপি দল ত্যাগ কৰি নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হোৱাটোৱেই তাৰ প্ৰমাণ। বিজেপিৰ সক্ৰিয় সদস্য হিচাবে থাকি মাত্ৰ তিনি বছৰতে এতিয়া বিজেপি দল বেয়া হৈ গল। ৰাইজক সম্বোধি টংকেশ্বৰ ৰাভাই দীপক কুমাৰ ৰাভাক সমালোচনা কৰি আৰু কয় যে দীপক কুমাৰ ৰাভাই হেনো বিৰাট জনা বুলি মানুহৰ আগত এনেকি সংগ্ৰামী নেতৃত্বৰ আগত ফিটাহি মাৰিছে। কেৱল মেট্ৰিক পাছ কৰা দীপক কুমাৰ ৰাভাই যদি নিজকে জনা বুলি কয় তেন্তে যিসকলৰ শিক্ষাগত অৰ্হতা বহুত বেছি তেওঁলোকক এই জনা বিধায়কজনে কি কব বুলি অতি তীৰ্যক বাক্যবাণেৰে কটাক্ষ কৰে । দামৰা আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উপ-সভাপতি কমলা ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত দুধনৈ সমষ্টি নিৰ্বাচনী পৰিচালনা সমিতিৰ সহ: তত্বাৱধায়ক জীৱন চন্দ্ৰ ৰাভা, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভাই উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত বিয়লিৰ ভাগত চেঁচাপানীত আন এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি ৰাভা হাচংৰ চীফ গৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁ কয় কংগ্ৰেছ দলে যি পাঁচটা গেৰাণ্টি দিছে, সেই পাঁচটা গেৰাণ্টি হল কংগ্ৰেছক পৰিয়ালকেন্দ্ৰিক দল হিচাবে ব্যৱহাৰ কৰা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ উপৰি ৰিপুন বৰা আৰু ৰুকিবুল হুছেইন। এওঁলোকে নিজক বচোৱাৰ বাবে গেৰাণ্টি বিচাৰিছে। এতিয়া আৰু ৰাইজে এওঁলোকক নিবিচাৰে। কাৰণ কংগ্ৰেছৰ আকৌ চৰকাৰ গঠন হলে অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত অশান্তিৰ হে সৃষ্টি হব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী গৰাকীয়ে। ইপিনে আজি বিজেপি মিত্ৰজোঁটোৰ প্ৰাৰ্থী শ্যামজিত ৰাভাৰ হৈ দুধনৈ সমষ্টিৰ অন্তৰ্গত মাজ-জাখিলী, ধাইগাঁও, উপৰতলা আদি ঠাইত নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী সভা সমূহত ভোটাৰ ৰাইজৰ মাজত ব্যপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়। 

No comments