Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বোকাজানত কংগ্ৰেছৰ যুৱৰাজৰ নিৰ্বাচনী প্ৰচাৰত বতৰৰ বিধি পথালি, ভিডিঅ' বাৰ্তাযোগে দিলে ২৪৪ (ক) ৰূপায়ণৰ প্ৰতিশ্ৰুতি

গণ বাৰ্তা, বোকাজান, ৩০ মাৰ্চঃ বোকাজানত কংগ্ৰেছৰ যুৱৰাজৰ নিৰ্বাচনী প্ৰচাৰত বতৰে দিলে বিধি পথালি ৷ কংগ্ৰেছৰ যুৱৰাজ গৰাকীৰ ভাষণ নুশুনাকৈ ঘৰমুৱা...


গণ বাৰ্তা, বোকাজান, ৩০ মাৰ্চঃ বোকাজানত কংগ্ৰেছৰ যুৱৰাজৰ নিৰ্বাচনী প্ৰচাৰত বতৰে দিলে বিধি পথালি ৷ কংগ্ৰেছৰ যুৱৰাজ গৰাকীৰ ভাষণ নুশুনাকৈ ঘৰমুৱা হ'ল কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকল ৷ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি অন্তিম দিনটোত কংগ্ৰেছ দলৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে হাফলং আৰু বোকাজানত দুখনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে অৱশেষত নেতাগৰাকীৰ ভ্ৰমণসূচী বাতিল কৰা হয় । অৱশ্যে সভাত উপস্থিত থাকিব নোৱাৰিলেও সমৰ্থকসকলক উদ্দেশ্যি এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰে শীৰ্ষ কংগ্ৰেছ নেতাগৰাকীয়ে । কান্ধত "কা" বিৰোধী শ্ল’গান সম্বলিত গামোচা লৈ নেতাগৰাকীয়ে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে "কা" কাৰ্যকৰী হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰে। "কা" অসমৰ ভাষা, সংস্কৃতি আৰু ইতিহাসৰ ওপৰত এক আক্ৰমণ বুলি অভিহিত কৰি কংগ্ৰেছ দলৰ চৰকাৰ হ’লে এনে আইন কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব বুলি কয়। ইয়াৰ উপৰি পাঁচ লাখ নিবনুৱাক চাকৰি, চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকালৈকে বৃদ্ধি, মাহে দুশ ইউনিট বিদ্যুত বিনামূলীয়াকৈ যোগান আৰু প্ৰতিগৰাকী গৃহিণীকে মাহে দুহাজাৰ টকাকৈ প্ৰদান কৰাৰ কংগ্ৰেছৰ গেৰাণ্টী সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব বুলি মন্তব্য কৰে। আনহাতে, পাৰ্বত্য এলেকাৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক দাবী অনুসৰি ভাৰতীয় সংবিধানৰ ২৪৪ (ক) কংগ্ৰেছ দলৰ চৰকাৰ হ’লে ৰূপায়ণ কৰা হ’ব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে । উল্লখ্য যে, ৰাহুল গান্ধীৰ আগমনক কেন্দ্ৰ কৰি হাফলং আৰু বোকাজানত আজি কংগ্ৰেছ দলৰ কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছিল। হাফলঙত কমেও দহ সহস্ৰাধিক লোকে সভাস্থলীত ভিৰ কৰাৰ বিপৰীতে বোকাজানতো কেইবা সহস্ৰাধিক কংগ্ৰেছ দলৰ কৰ্মী সমৰ্থকে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে । ইয়াৰোপৰি কংগ্ৰেছৰ প্ৰচাৰ সভাত বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতি, ডিফুৰ প্ৰাৰ্থী ছুম ৰংহাঙ লগতে হাওৰাঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিজেপি দলক চোকা সমালোচনা কৰাৰ লগতে বিজেপি দলক জমলা পাৰ্টী আখ্যা দিয়ে ৷ তিনিওগৰাকী প্ৰাৰ্থীয়ে কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ বিস্তৃত বাখ্যা আগবঢ়ায় ৷

No comments