Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা

গণবাৰ্তা দেৰগাঁও, ২৯ মাৰ্চঃ  নিৰ্মিয়মান চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আজি নিশা ৭ বাজি ২০ মিনিটত মানত এক দূৰ্ঘটনা সংঘটিত হৈ যায়। ডিব্ৰুগড়ৰ...


গণবাৰ্তা দেৰগাঁও, ২৯ মাৰ্চঃ  নিৰ্মিয়মান চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আজি নিশা ৭ বাজি ২০ মিনিটত মানত এক দূৰ্ঘটনা সংঘটিত হৈ যায়। ডিব্ৰুগড়ৰ পৰা নুমলিগড়ৰ টাউনশ্বিপলৈ আহি থকা এহাল দম্পতী পথৰ দিশ খেলিমেলি হোৱাৰ বাবে কলিয়াবৰৰ পৰা যোৰহাট অভিমুখী এখন ট্ৰেভেলছৰ লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয়। অসম আৰক্ষীৰ আৰ টি এছ গেটৰ মুখত মেৰুন ৰংৰ এছ ০৩ টি ৪৭৬৭ নম্বৰৰ কুইড বাহন খন বিপৰীত দিশৰ পৰা আহি থকা এছ ০১ জে চি ৫৩৬৬ নম্বৰৰ টেভেলাৰ্ছ খনত মুখামুখিকৈ খুন্দা মাৰি সমুখ ভাগ বিধস্ত হৈ যায় । ঘটনাটোত কুইড বাহন খনৰ চালকৰ আসনত বহি থকা লোক জনে সামন্য পৰিমানে আঘাত প্ৰাপ্ত হোৱাৰ লগতে তেখেতৰ পত্নী  সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয়। ঘটনাটোত আঘাতপ্ৰাপ্ত পৰিয়াটোক ১০৮ এম্বুলেঞ্চৰ যোগেদি দেৰগাঁও ৩০ খন বিচনাযুক্ত সামূহিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

No comments