Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংবাদ মেলযোগে কলাইগাঁৱত পুনৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীত্বৰ দাবী আক্ৰাছুৰ

গনবাৰ্তা, কলাইগাঁও, ১ মাৰ্চ :  সমাগত বিধান সভা নিৰ্বাচনত কলাইগাঁও সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ আক্ৰাছুই পুনৰ দাব...


গনবাৰ্তা, কলাইগাঁও, ১ মাৰ্চ
:  সমাগত বিধান সভা নিৰ্বাচনত কলাইগাঁও সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ আক্ৰাছুই পুনৰ দাবী জনাইছে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ওচৰত। উল্লেখ্য এমাহ পূৰ্বে সংবাদ মেলৰ জড়িয়তে ওদালগুৰি জিলা আৰু দৰং জিলা আক্ৰাছুই মঙলদৈ লোক সভা সমষ্টিৰ অন্তৰ্গত চাৰিটা বিধান সভা সমষ্টি ক্ৰমে কলাইগাঁও,ছিপাঝাৰ, পানেৰী আৰু কমলপুৰ সমষ্টিত বিগত নিৰ্বাচন সমূহত  কোচ ৰাজবংশী ভোটাৰে নিৰ্ণায়ক ভূমিকা লৈ অহা বুলি দাবী কৰি উক্ত সমষ্টি কেইটাত স্থানীয় আৰু যোগ্য কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ওচৰত দাবী জনাইছিল । আজি কলাইগাঁৱত ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা,দৰং জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা,দৰং জিলা কোচ ৰাজবংশী সন্মিলনী আৰু যুৱ ছাত্ৰ সন্মিলনীয়ে যৌথ সংবাদ মেল আহ্বান কৰি কলাইগাঁও বিধান সভা সমষ্টিত ৬৫ হেজাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভোটাৰ থকাৰ কথা সদৰী কৰাৰ লগতে সমষ্টিটোত কোচ ৰাজবংশী জনগোষ্ঠীৰ স্থানীয় আৰু যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ বিজেপিৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বৰ ওচৰত প্ৰবল দাবী জনাইছে । আনহাতে বিগত লোক সভা নিৰ্বাচনৰ সময়ত বি জে পিৰ নেতৃত্বতই কলাইগাঁও বিধান সভা সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি আক্ৰাছুক প্ৰতিশ্ৰুতি দিছিল বুলি উনুকিয়াই দি যদিহে প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেন্তে পৰিণতি বিষম হ'ব বুলিও সকিয়াই দিয়ে সংগঠন কেইটাৰ নেতৃত্বই। উল্লেখ্য আক্ৰাছুৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি হেমন্ত বড়া কোচ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মুকুন্দ ডেকা,দৰং জিলা সমিতিৰ সভাপতি শৰৎ ডেকা, সাধাৰণ সম্পাদক চন্দন ডেকা,দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি অন্তিৰাম ডেকা,দৰং জিলা কোচ ৰাজবংশী যুৱ ছাত্র সম্মিলনীৰ সভাপতি দ্বীপেন চহৰীয়া আৰু সাধাৰণ সম্পাদক মৃণাল বৰুৱাকে ধৰি সংগঠন কেইটাৰ কেইবাজনো নেতাই সংবাদ মেলখনত অংশগ্ৰহণ কৰে।

No comments