Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ দাম বৃদ্ধিৰ প্ৰতিবাদত ছয়গাঁৱত চি আই টি ইউৰ বিক্ষোভ; মিত্ৰজোটৰ প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান

গণ বাৰ্তা, ছয়গাঁও , ৫ মাৰ্চ : চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ দাম বৃদ্ধি ৰোধৰ দাবীত আৰু বিজেপি চ...


গণ বাৰ্তা, ছয়গাঁও , ৫ মাৰ্চ
: চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ দাম বৃদ্ধি ৰোধৰ দাবীত আৰু বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ প্ৰতিবাদত আজি ছয়গাঁৱত বিক্ষোভ আৰু পথসভা অনুষ্ঠিত কৰে। প্ৰতিবাদকাৰী সকলে ছয়গাঁও সোণাৰিপাৰাত থকা চি আই টি ইউৰ জিলা কাৰ্যালয়ৰ পৰা সমদলেৰে আহি ছয়গাঁও বজাৰত এক পথসভাত মিলিত হয়। পথসভাত ইউনিয়নৰ জিলা সম্পাদক হিতেশ দাসে বক্তব্য ৰাখি বয়-বস্তুৰ দাম নিয়ন্ত্ৰণত বিজেপি নেতৃত্বাধীন চৰকাৰৰ ব্যৰ্থতাক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে সমস্যাৰ সমাধান কৰাৰ পৰিৱৰ্তে চৰকাৰে মানুহক বিভ্ৰান্ত কৰিবলৈহে উঠি পৰি লাগিছে। পেট্ৰ'লৰ দাম অত্যাধিক হাৰত বৃদ্ধি কৰি জনসাধাৰণৰ ৰোষত পৰি লিটাৰত ৫ টকাকৈ কমোৱাৰ নাটক মিডিয়াৰ জৰিয়তে অভাৱনীয়ভাবে প্ৰচাৰ কৰি পিছদিনাখনৰ পৰাই পইচা পইচাকৈ বঢ়াই পুনৰ পেট্ৰ'লৰ দাম পূৰ্বতকৈও বৃদ্ধি কৰিছে। যোৱা তিনিমাহৰ ভিতৰত ৰন্ধন গেছৰ দাম প্ৰায় ২২৫ টকাতকৈও অধিক বৃদ্ধি হৈছে। তেওঁ কয় যে চৰকাৰে এক পইচাও বাজেটত ধাৰ্য নকৰাকৈয়ে নিৰ্মাণ শ্ৰমিকক সুবিধা দি থকা বুলি অপপ্ৰচাৰ চলাই আছে। অথচ নিৰ্মাণ শ্ৰমিকে পোৱা সুবিধা হৈছে তেওঁলোকৰ বৰঙণি প্ৰদত্ত আইনী সুবিধাহে। তাত চৰকাৰী ধনৰ এপইচাও অৰিহণা নাই। চৰকাৰখনে কেইবাহাজাৰ কৰ্মচাৰীক দৰমহা দিব পৰা নাই। কাগজকলৰ ৮১ গৰাকী শ্ৰমিকে দৰমহা নোপোৱাকৈয়ে মৃত্যুবৰণ কৰিলে এই প্ৰতাৰক মিথ্যাচাৰী চৰকাৰৰ অপকৰ্মৰ বাবে। চাৰে চাৰিটা বছৰ ভাষণবাজী কৰি , পুঁজিপতি বণিয়াৰ দালালি কৰি, চৰকাৰী সম্পত্তি বিক্ৰী কৰি কেৱল ভোটৰ স্বাৰ্থত নিৰ্বাচিত মহিলাক ৮৩০ টকীয়া আঁচনি আৰু মহিলা তথা যুৱ আত্মসহায়ক গোটৰ নামত আঢ়ৈলাখ, কৃষকৰ নামত ২০০০ টকা প্ৰদানেৰে প্ৰলোভনৰ অশুভ ৰাজনীতিত নামিছে। তেওঁ মিথ্যাচাৰী, সাম্প্ৰদায়িক বিজেপি মিত্ৰজোঁট চৰকাৰক পৰাস্ত কৰিবলৈ বাওদল সমৰ্থিত মহাজোট চৰকাৰ গঠনৰ পক্ষে আগন্তুক অসম বিধানসভা নিৰ্বাচনত ভোটদান কৰাৰ বাবে ৰাইজলৈ আৱেদন জনায়। পথসভাত ইউনিয়নৰ জিলা সহ: সম্পাদক অনিল দাসেও ভাষণ দিয়ে ।

No comments