Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছিপাঝাৰত বৃহৎ সমাবেশৰ পৰিবৰ্তে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী অমিয় ডেকাৰ

  গণ বাৰ্তা, দুমুনিচকী ২৭ মাৰ্চ : বিধান সভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজৰ বাবে ৰাজনৈতিক দল সমূহে প্ৰতিটো সমষ্টিতে প্ৰচাৰ অভিযান ব্যাপক ...


 গণ বাৰ্তা, দুমুনিচকী ২৭ মাৰ্চ: বিধান সভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজৰ বাবে ৰাজনৈতিক দল সমূহে প্ৰতিটো সমষ্টিতে প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে ৷ দৰং জিলাৰ হেভিৱেট সমষ্টি ছিপাঝাৰতো দল সমূহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলেও প্ৰচাৰ অভিযান চলাইছে দিন-ৰাতি একাকাৰ কৰি । সমষ্টিটোত বিজেপি, কংগ্ৰেছ, এ জে পিৰ লগতে তীব্ৰ প্ৰচাৰ অভিযানত নামি পৰিছে সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থীৰূপে দ্বিতীয়বাৰৰ বাবে বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা অমিয় কুমাৰ ডেকাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত জোৰদাৰ কৰিছে প্ৰচাৰ অভিযান । নিদলীয়ভাৱে ছিপাঝাৰত প্ৰতিদ্বন্দিতা আগবঢ়োৱা যুৱ সমাজকৰ্মী জনে ঘৰে ঘৰে, দোকানে-দোকানে গৈ ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে । ঠাই বিশেষে নিদলীয় প্ৰাৰ্থী জনৰ প্ৰতি মানুহৰ সমৰ্থন আগবঢ়োৱাত উৎসাহিত হৈ পৰিছে নিৰ্বাচনী যুজঁৰ প্ৰাৰ্থী গৰাকী ।মুলতঃ ছিপাঝাৰ ৰ সামগ্ৰীক উনয়ন সাধনৰ উদ্দেশ্য নিৰ্বাচনী যুজঁত অৱৰ্তীণ হোৱা বুলি প্ৰকাশ কৰিছে ।

No comments