Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৭০ টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা বিজেপিৰঃ মাজুলীৰ পৰা সৰ্বানন্দ সোণোৱাল, জালুকবাৰীৰ পৰা হিমন্ত, পাটচাৰকুছিৰ পৰা ৰঞ্জিত কুমাৰ দাসে প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মাৰ্চ ঃ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ মাজতেই আজি বিজেপিয়ে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৭০টা সমষ্টি...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মাৰ্চ ঃ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ মাজতেই আজি বিজেপিয়ে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৭০টা সমষ্টিৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগেই ৰাজ্যত চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটে। যোৱা কিছুদিন ধৰি ৰাজ্যজুৰি এক জল্পনা-কল্পনা অব্যাহত আছিল যে বিজেপিয়ে কেতিয়ালৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব আৰু কোন কোন সমষ্টিত কোন নেতাই টিকট লাভ কৰিব। এনে এক জল্পনা-কল্পনাৰ মাজতেই ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা সন্ধিয়াৰ ভাগত ৭০টা সমষ্টিৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ দ্বিতীয়বাৰলৈ মাজুলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সমান্তৰালকৈ জালুকবাৰীৰ পৰা পুনৰ ড০ হিমন্ত বিশ্ব শৰ্মা, পাটাছাৰকুছিৰ পৰা ৰঞ্জিত কুমাৰ দাস, ঢেকীয়াজুলিৰ পৰা অশোক সিংহাল, বৰছলাৰ পৰা গণেশ কুমাৰ লিম্বু, ৰঙাপৰাৰ পৰা কৃষ্ণ কমল তাঁতী, চতিয়াৰ পৰা পদ্ম হাজৰিকা, বিশ্বনাথৰ পৰা প্ৰমোদ বৰঠাকুৰ, বিহালীৰ পৰা ৰঞ্জিত দত্ত, গহপুৰৰ পৰা উৎপল বৰা, ধিঙৰ পৰা সঞ্জীৱ কুমাৰ বৰা, বটদ্ৰৱাৰ পৰা আঙুৰলতা ডেকা, ৰূপহীহাটৰ পৰা নাজিৰ হুছেইন, চামগুৰিৰ পৰা অনিল শইকীয়া, সৰুপথাৰৰ পৰা বিশ্বজিৎ ফুকন, গোলাঘাটৰ পৰা অজন্তা নেওগ, খুমটাইৰ পৰা মৃণাল শইকীয়া, যোৰহাটৰ পৰা হিতেন্দ্ৰ নাথ গোস্বামী, তিতাবৰৰ পৰা হেমন্ত কলিতা, মৰিয়নিৰ পৰা ৰমণী তাঁতী, নাজিৰাৰ পৰা ময়ূৰ বৰগোহাঁই, মাহমৰাৰ পৰা যোগেন মহন, সোণাৰিৰ পৰা ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰাৰ পৰা কুশল দুৱৰী, শিৱসাগৰৰ পৰা সুৰভি ৰাজকোঁৱৰ, বিহপুৰীয়াৰ পৰা ডাঃ অমিয় ভূঞা, লখিমপুৰৰ পৰা মানৱ ডেকা, ঢকুৱাখনাৰ পৰা নৱ কুমাৰ দলে, ধেমাজিৰ পৰা ড০ ৰণোজ পেগু, জোনাইৰ পৰা ভুৱন পেগু, মৰাণৰ পৰা চক্ৰধৰ গগৈ, ডিব্ৰুগড়ৰ পৰা প্ৰশান্ত ফুকন, লাহোৱালৰ পৰা বিনোদ হাজৰিকা, দুলীয়াজানৰ পৰা তেৰছ গোৱালা, টিংখাঙৰ পৰা বিমল বৰা, নাহৰকটীয়াৰ পৰা তৰংগ গগৈ, তিনিচুকীয়াৰ পৰা সঞ্জয় কিষাণ, ডিগবৈৰ পৰা সুৰেন ফুকন, মাৰ্ঘেৰিটাৰ পৰা ভাস্কৰ শৰ্মা, শদিয়াৰ পৰা বলীন চেতিয়া, ৰাতাবাৰীৰ পৰা বিজয় মালাকাৰ, পাথাৰকান্দিৰ পৰা কৃষে্ণন্দু পাল, উত্তৰ কৰিমগঞ্জৰ পৰা ড০ মানস দাস, বদৰপুৰৰ পৰা বিশ্বৰূপ ভট্টাচাৰ্য, কাটলিচেৰাৰ পৰা সুব্ৰত নাথ, শিলচৰৰ পৰা দীপায়ন চক্ৰৱৰ্তী, সোণাইৰ পৰা আমিনুল হক লস্কৰ, ধলাইৰ পৰা পৰিমল শুক্লবৈদ্য, উদাৰবন্দৰ পৰা মিহিৰকান্তি সোম, লক্ষীপুৰৰ পৰা কৌশিক ৰায়, বৰখলাৰ পৰা অমলেন্দু দাস, কাটিগড়াৰ পৰা গৌতম ৰয়, হাফলঙৰ পৰা নন্দিতা গাৰ্লোছা, বোকাজানৰ পৰা ডাঃ নোমল মমিন, হাওৰাঘাটৰ পৰা দৰছিং ৰংহাং, ডিফুৰ পৰা বিদ্যাছিং ইংলেং, বৈঠালাংছ’ৰ পৰা ৰূপছিং টেৰণ, কমলপুৰৰ পৰা দিগন্ত কলিতা, ৰঙিয়াৰ পৰা ভৱেশ কলিতা, নলবাৰীৰ পৰা জয়ন্ত মল্ল বৰুৱা, পানেৰীৰ পৰা বিশ্বজিৎ দৈমাৰী, কলাইগাঁৱৰ পৰা মধুৰাম ডেকা, মঙলদৈৰ পৰা গুৰুজ্যোতি দাস, মাজবাটৰ পৰা জিতু কিষাণ, জাগীৰোডৰ পৰা পীয়ূষ হাজৰিকা, মৰিগাঁৱৰ পৰা ৰমাকান্ত দেউৰী, লাহৰীঘাটৰ পৰা কাদিৰুজ্জামান জিন্না, নগাঁৱৰ পৰা ৰূপক শৰ্মা, বঢ়মপুৰৰ পৰা জিতু গোস্বামী আৰু লামডিঙৰ পৰা শিবু মিশ্ৰাক টিকট দিয়া হৈছে। উল্লেখ্য যে বিজেপিয়ে প্ৰথমখন তালিকা ঘোষণা কৰাৰ পূৰ্বে দিল্লীত শীৰ্ষ নেতৃত্বৰে কেইবালানি বৈঠকত বহিছিল। এই বৈঠকত মিত্ৰজোঁট অগপ আৰু ইউপিপিএল আছিল। বৈঠকৰ অন্তত আজি বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰথমখন তালিকা ঘোষণা কৰে। কিন্তু বাতৰি লিখা পৰলৈ অগপ আৰু ইউপিপিএলে তেওঁলোকৰ তালিকা ঘোষণা কৰা নাছিল।  বিজেপিয়ে আজিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক জগত প্ৰসাদ নড্ডাৰ অধ্যক্ষতাত ৪ মাৰ্চত সম্পন্ন হয়। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰী আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ আন বহু সদস্য উপস্থিত থাকে।

No comments