Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট জিলাৰ তিনি সমষ্টিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ , কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

 ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , গণ বাৰ্তা তিতাবৰ : আগন্তক বিধান সভাৰ নিৰ্বাচনত অধিক আসন দখল কৰি   অসমত পুনৰ  বিজেপি চৰকাৰ গঠনৰ উদ্দেশ্যৰে বিজেপি ...


 ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , গণ বাৰ্তা তিতাবৰ : আগন্তক বিধান সভাৰ নিৰ্বাচনত অধিক আসন দখল কৰি   অসমত পুনৰ  বিজেপি চৰকাৰ গঠনৰ উদ্দেশ্যৰে বিজেপি প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰোৱাৰ  লক্ষ্যৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৰহাট জিলাৰ তিনি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি প্ৰাৰ্থীক  ভোট দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় । উল্লেখ্য যে তেওঁ মৰিয়নীত ৰমণী  তাঁতী, তিতাবৰত হেমন্ত কলিতাক আৰু যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । যোৰহাটৰ গড়মূৰস্থিত দুলিয়াগাঁৱৰ সমীপত  অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁ ভাষণত কয় যে যোৰহাট সমষ্টিত ১ লাখ ৮২ হাজাৰ  ভোটাৰ আছে ইয়াৰে গৰিষ্ঠ সংখ্যক ভোটত যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থীজনক জয়ী কৰাবলৈ আহ্বান জনায় । লগতে কয় যে অসমত শাসন ব্যৱস্থা পৰিস্কাৰ হল, চাকৰিৰ বাবে কোনো দালালক ঘোচ দিব নালাগে । মেধা ভিত্তিত যি কোনো যুৱক যুৱতীয়ে চাকৰি পাব পাৰে । এই বিশ্বাস এতিয়া সকলোৱৰে আহি গৈছে । আজিৰ তাৰিখত এই বাতাবৰণ সৃষ্টি কৰাত  ৰাইজৰ সহযোগত  বিজেপি চৰকাৰে যি পৰিৱৰ্তন আনিলে তাৰ বাবে বহু কষ্ট কৰিবলগীয়া হল।    কিন্তু কংগ্ৰেছৰ দিনত নেতা - পালি নেতাক ঘোচ দিলেহে কাম হয় । আমি এই বোৰ সমস্যাৰ পৰা পৰিৱৰ্তন আনিলোঁ বুলি উল্লেখ কৰে । উক্ত সভাত সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰাসদ তাছা , প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীকে আদি কৰি  জিলা বিজেপিৰ  কেইবাজনো নেতা উপস্থিত আছিল  ।আনহাতে তিতাবৰত বিশ বছৰীয়া কংগ্ৰেছৰ দখল মষিমূৰ কৰি হেমন্ত কলিতাক উদ্ধাৰ কৰিবলৈ তিতাবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় । উল্লেখ্য যে  প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ দহদিন বাকী থকাৰ সময়তে আজি প্ৰথম বাৰলৈ তিতাবৰ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।তিতাবৰ বোকাহোলা ৰাজহুৱা খেলপথাৰত বহু পলমকৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰীৰ সভাত ৰাইজৰ উৎসাহ ক্ৰমাৎ নিম্নগামী হোৱা পৰিলক্ষিত হয়।সভাত মুখ্যমন্ত্ৰী সোনোৱালে ঘোষণা কৰে যে, যোৱা ১৫ বছৰে তিতাবৰৰ পৰা মুখ্যমন্ত্ৰী হোৱা প্ৰয়াত তৰুণ গগৈৰ যি আধৰুৱা সপোন আছে সেই সপোন এইবাৰ আমাৰ দলৰ প্ৰাৰ্থী হেমন্ত কলিতাই পূৰণ কৰিব।আজি ৰাইজৰ উপস্থিতিয়ে এইকথা প্ৰমাণ কৰিছে যে ৰাইজে প্ৰাক্তন বিধায়ক হেমন্ত কলিতাক বিশাল ভোটত জয়ী কৰাব। আজি মই ৰাইজৰ পৰা প্ৰতিশ্ৰুতি লাভ কৰি নিজ হাতেৰে হেমন্ত কলিতাক এখনি গামোচা মঞ্চতে ৰাইজৰ সন্মুখতে পিন্ধাই কলিতা জয়ী হল বুলি ঘোষণা কৰিলোঁ। মুখ্যমন্ত্ৰী গৰাকীয়ে বিগত পাছ বছৰে চৰকাৰে কৰি অহা উন্নয়ন মূলক কাম-কাজৰ এক চমু বিৱৰণ উল্লেখ কৰি কয়, আজি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ নাই, সন্ত্ৰাসবাদী কাৰ্যকলাপ নাই, নিযুক্তি নিকা হৈছে, দুৰ্নীতিপৰায়ন বহু চৰকাৰী বিষয়া জেললৈ গৈছে আৰু অহা পাছ বছৰত আমাৰ চৰকাৰ আহিলে আৰু বহুত কাম কৰিবলে বাকী আছে যিবোৰ কাম কৰিবলে চৰকাৰ বদ্ধপৰিসৰ।মুখ্যমন্ত্ৰীৰ পূৰ্বে সভাত বক্তব্য প্ৰদান কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাই। প্ৰাৰ্থী গৰাকীয়ে ভাষণ প্ৰসংগত কয়, যে তিতাবৰ মোৰ ৰাজনৈতিক ক্ষেত্ৰ নহয় কৰ্ম ক্ষেত্ৰ। আপোনালোকে মোক নিৰ্বাচিত কৰাৰ পাছত মই তিতাবৰৰ প্ৰধান দুটা সমস্যাক অগ্ৰাধিকাৰ দিম, খোৱাপানী আৰু তিনি তৰোপীয়া খেতি কৰাৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা। প্ৰায় পাছ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত কলিতাই ৰাইজে এইবাৰ নিৰ্বাচনত তেখেতেক জয়ী কৰাব বুলি বিশ্বাসী।সভাত যোৰহাটৰ সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, উপ মুখ্য কার্যবাহী সদস্য প্ৰতাপ কছাৰী, শিল্পী কৃষ্ণমণি চুতীয়াৰ লগতে ছটিছগড়ৰ পৰা অহা সাংসদ অভিশেষ সিং, শ্যাম বিহাৰী জেচুৱাল, অগপ জিলা সভাপতি গোপাল বৰা প্ৰমুখ্যে বহু কেইবাগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মী উপস্থিত আছিল।সভাৰ পূৰ্বে মুখ্য মন্ত্ৰী গৰাকীয়ে বোকাহোলা বাগিচাৰ এগৰাকী শ্ৰমিকৰ গৃহত মাটিত বহি ভাত খাই চমক সৃষ্টি  কৰে।তাকে লৈ ৰসিক সকলে কয়,  নিৰ্বাচন আহিলে এওঁলোকে ভাত খাই কাঁহীখনো ধুই যাব।মুখ্যমন্ত্ৰীৰ ভাষণ আৰম্ভ হোৱাৰ প্ৰাক ক্ষণত বিদ্যুত সৰবৰাহ বন্ধ হৈ যোৱাত উদ্যোগতা সকলৰ মাজত সৃষ্টি হোৱা অভাৱনীয় অৱস্থা লক্ষ্যনীয় 

No comments