Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লাহৰীজানত হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ

  গণ বাৰ্তা বোকাজান, ১০ মাৰ্চঃ চুবুৰীয়া ৰাজ্যসমূহৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই বিভিন্ন কৌশলেৰে কাৰ্বি আংলং জিলাৰ মাজেৰে নিষিদ্ধ ড্ৰাগছ সৰবৰ...

 


গণ বাৰ্তা বোকাজান, ১০ মাৰ্চঃ চুবুৰীয়া ৰাজ্যসমূহৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই বিভিন্ন কৌশলেৰে কাৰ্বি আংলং জিলাৰ মাজেৰে নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ তৎপৰতা শেহতীয়াকৈ ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সময়তে কালি বিয়লি অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইনসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি এক গোপন তথ্যৰ ভিত্তিত লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জ্বল গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা তালাচী অভিযানত এএছ-০১-একে-৫৯৯৬ নম্বৰৰ বলেৰ’খনৰ পৰা ১৮ টা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত ১৭৯ গ্ৰাম নিষিদ্ধ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। হেৰ’ইনখিনি বাহনখনৰ স্পীকাৰ বক্সৰ ভিতৰত কৌশলেৰে লুকুৱাই অনা হৈছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে বাহনখনত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত লোক দুজন ক্ৰমে কামৰূপ (মেট্ৰ’) জিলাৰ বেলতলাৰ মিল্টন চক্ৰৱৰ্তী (৩১) আৰু বাহনখনৰ চালক ত্ৰিপুৰাৰ খুৱাই জিলাৰ তেলেইমাৰা থানাৰ অন্তৰ্গত চাকমা ঘাট নিবাসী সুশীল দাস (৩৫) বুলি চিনাক্ত কৰা হৈছে। 

No comments