Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা পুলিং- পিজাইডিং বিষয়া সকল ;যোৰহাটৰ চৰকাৰী বালিকা বিদ্যালয়ত উখল - মাখল পৰিবেশ

  ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৬ মাৰ্চ : কাইলৈৰ পৰা যোৰহাটতো আৰম্ভ হ'ব প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'...

 


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৬ মাৰ্চ: কাইলৈৰ পৰা যোৰহাটতো আৰম্ভ হ'ব প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৪৭ টা সমষ্টিত। আন আন জিলা সমূহৰ লগতে যোৰহাট জিলাও সম্পূর্ণ ৰূপে সাজু হৈছে নিৰ্বাচনৰ বাবে। জিলাখনৰ অন্তৰ্গত ৫ টা বিধান সভা সমষ্টি ক্ৰমে দেৰগাঁও, যোৰহাট, তিতাবৰ, টীয়ক আৰু মৰিয়নি সমষ্টিৰ মুঠ ১১০২ টা ভোট কেন্দ্ৰত ভোট গ্ৰহণৰ বাবে টঙালী বান্ধিছে পলিং, প্ৰিজাইডিং অফিচাৰ সকলৰ লগতে আন আন কৰ্তব্যৰত ব্যক্তি সকলে। হাতত ই ভি এম মিচিনৰ লগতে আন আন সামগ্ৰীসমূহ লৈ শনিবাৰে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ওলাই আহিছে বিষয়াসকল। যোৰহাটৰ চৰকাৰী বহু মুখী বালিকা বিদ্যালয়ত শুকুৰবাৰে এক উখল - মাখল পৰিবেশ সৃষ্টি হোৱা দেখা গৈছিল ।

No comments