Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যমুনামুখ সমষ্টিত আজমল-দিলৱাৰাৰ মনোনয়ন দাখিল

  ছাদিকুজ জামান মোৰাঝাৰ ১১ মাৰ্চ: অসম বিধান সভা নিৰ্বাচনৰ ৯০ নং যমুনামুখ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমলে আজি মনোনয়ন পত্ৰ দাখিল ...

 


ছাদিকুজ জামান মোৰাঝাৰ ১১ মাৰ্চ: অসম বিধান সভা নিৰ্বাচনৰ ৯০ নং যমুনামুখ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমলে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পাছত যমুনামুখ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধূৰীক "হু ইজ দিলোৱাৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। যমুনামুখ কংগ্ৰেছ নেতৃত্বসকলৰ উপস্থিতিত শংকৰদেৱ নগৰ নিৰ্বাচনী বিষয়াৰ কাৰ্য্যলয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিল কৰি বিপুল ভোটত জয়ী হব বুলি মন্তব্য কৰে। AIUDF দলৰ যমুনামুখ সমষ্টিৰ প্ৰাৰ্থী গৰাকীক এই মনোনয়ন পত্ৰ কাৰ্য্যসূচীত হাজাৰ হাজাৰ জনতাই এক শোভাযাত্ৰাৰে আদৰণি জনাই আগবঢ়াই লৈ যায় শংকৰদেৱ নগৰ নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়লৈ।ইপিনে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী দিলৱাৰা বেগমেও আজি নিজৰ কৰ্মীক লগত লৈ বৃহৎ ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰে৷উল্লেখ যোগ্য যে ৰাইজৰ দলৰ প্ৰাৰ্থী দিলোৱাৰা চৌধুৰীৰ বিৰুদ্ধে এক যুদ্ধ ঘোষণা কৰি যমুনামুখৰ বিভিন্ন ভাগত বিভক্ত হৈ থকা সকলো কংগ্ৰেছী শক্তি এক হোৱা পৰিলক্ষিত হয়৷ কংগ্ৰেছ নেতা ৰেহান উদ্দিন, বসিৰ উদ্দিন লস্কৰ, মাহমদ হুছেইন, ৰেজিয়া চুলতানা, নাসিৰ উদ্দিন ফাৰুকী সকলো একেখন মঞ্চত থিয় হৈ মহাজোটবন্ধনৰ প্ৰাৰ্থী সিৰাজুদ্দিন আজমলক আগুৱাই লৈ গল মনোনয়ন পত্ৰ জমা দিবলৈ৷ শুক্ৰবাৰে অসম জাতীয় পৰিষদকে ধৰি যমুনামুখ সমষ্টিৰ আন আন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব বুলি জনা গৈছে৷

No comments