Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুক্ষেত্ৰীৰ কয়াকুছিত চৌসত্তৰ হাজাৰ টকা জব্দ

ছাহেদ আলী আহমেদ ¸ কয়াকুছি , ২০ মাৰ্চ : নিৰ্বাচনী অধিসূচনাৰ নিয়ম অনুসৰি বিভাগীয় তালাচী চলাই আজি সৰুক্ষেত্ৰীৰ কয়াকুছিত জব্দ কৰে চৌসত্তৰ হা...


ছাহেদ আলী আহমেদ ¸ কয়াকুছি , ২০ মাৰ্চ :
নিৰ্বাচনী অধিসূচনাৰ নিয়ম অনুসৰি বিভাগীয় তালাচী চলাই আজি সৰুক্ষেত্ৰীৰ কয়াকুছিত জব্দ কৰে চৌসত্তৰ হাজাৰ তিনি শ পোছত্তৰ টকা । কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন কুমাৰ কলিতাৰ পৰা জানিব পৰা মতে ‘নাকা চেকিং’ কৰি থকাৰ সময়ত টকাখিনি জব্দ কৰে ভৱানীপুৰ-কয়াকুছি-বৰপেটাৰ পথৰ ফুলৰগুৰি তিনিআলিত । সৰুক্ষেত্ৰী সমষ্টিৰ সৰুটাপা-ফুলৰগুৰিত জব্দ কৰা টকাখিনি বৰপেটা জিলাৰ গজিয়া গাঁৱৰ মনোৰঞ্জন পাঠকৰ পুত্ৰ চিংকুল পাঠকৰ বুলি জানিব পৰা গৈছে । এছএছটিৰ কয়াকুছিৰ ‘চি’টীমে জব্দ কৰা টকাখিনি বৰপেটাৰ ট্ৰেজাৰীত জমা হৈছে বুলি জানিব পৰা গৈছে । 

No comments