ডিজিটেল ডেস্ক, গণবাৰ্তা, ৮ মাৰ্চ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৩৬৮ নং পূৱ ডুমগাওঁ প্ৰাথমিক ব...
ডিজিটেল ডেস্ক, গণবাৰ্তা, ৮ মাৰ্চ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৩৬৮ নং পূৱ ডুমগাওঁ প্ৰাথমিক বিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটিত চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ববিদিতা গগৈ আৰু অৰ্ধ আইনী স্বেচ্ছাসেৱক সকলে স্থানীয় মহিলা সকলৰ সৈতে নাৰীৰ অধিকাৰ আৰু আত্ম মৰ্যদা সম্পৰ্কে মত বিনিময় কৰে। এই অনুষ্ঠানতে চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ ফালৰ পৰা ঘৰুৱা হিংসা প্ৰতিৰোধী আইন আৰু যৌতুক প্ৰতিৰোধী আইন সম্পৰ্কেও আলোচনা আগবঢ়োৱা হয়। উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি উপস্থিত থকা মহিলা সকলৰ মাজত ফলমূলৰ ছালাড সজোৱা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।
No comments