Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাজোত অজাপৰ বিশাল নিৰ্বাচনী পদযাত্ৰাত লুৰিণ জ্যোতি গগৈ

  গণ বাৰ্তা, হাজো, ৩১ মাৰ্চ : অসমত জাতীয়তাবাদৰ চৰকাৰ হোৱাটো নিশ্চিত। কিয়নো জাতীয়তাবাদৰ ঢৌত উটি -ভাহি যাব ওলাইছে বিজেপিৰ মিথ্যাচাৰ, কুশাসন আৰ...

 


গণ বাৰ্তা, হাজো, ৩১ মাৰ্চ : অসমত জাতীয়তাবাদৰ চৰকাৰ হোৱাটো নিশ্চিত। কিয়নো জাতীয়তাবাদৰ ঢৌত উটি -ভাহি যাব ওলাইছে বিজেপিৰ মিথ্যাচাৰ, কুশাসন আৰু প্ৰলোভন -এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ। আজি ৫৫ নং হাজো বিধান সভা সমষ্টিত জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী দুলু আহমেদৰ সমৰ্থনত উলিওৱা এক বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰি তেওঁ এনেদৰে কয়। হাজো সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চল বৰ্ণিৰ পৰা কলিতাকুছিলৈ উলিওৱা এই বিশাল পদযাত্ৰাত অংশ লৈ পৰিষদৰ ৰাজ্যিক সভাপতি গগৈয়ে পুনৰ কয়, এইবেলি সমগ্ৰ ৰাজ্যজুৰি ভোটাৰ ৰাইজে পৰিবৰ্তন বিচাৰিছে। যাৰ ফলশ্ৰুতিত বিজেপি দলে শংকিত হৈ আবোল-তাবোল বকি প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি এজনৰ পিছত সিজনকৈ ষ্টাৰ কেম্পেইনাৰ আনি নিৰ্বাচনী প্ৰচাৰ চলাব লগীয়া হৈছে। বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰি পৰিষদৰ হাজো সমষ্টিৰ মনোনীত প্ৰাৰ্থী দুলু আহমেদে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াক কটাক্ষ কৰি কয়, হাজোত এইবাৰ পদুম ফুল মৰহি যাব। এই মৰহি যোৱা পদুম ফুলৰ ওপৰৰে পানী জাহাজ দিশপুৰলৈ যাব। বিগত বিধান সভা নিৰ্বাচনত সামন্য ভোটৰ ব্যৱধানত পৰাজিত হৈছিলো যদিও এইবেলি নিৰ্বাচনী যুজঁৰ মুল প্ৰতিদ্বন্দী বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াতকৈ বিশৰ পৰা পচিশ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হম। এই বিশাল পদযাত্ৰাত দুলু আহমেদৰ পত্নী ৰজী আহমেদে অংশগ্ৰহণ কৰি বিৰোধীক তীব্ৰ ভাৱে হুংকাৰ দি হাজো অজাপৰ দখলত থাকিব বুলি কয়। এই পদযাত্ৰাত অজাপৰ নেতা জীতেন্দ্ৰ ভড়ালী, ৰমনি মালাকাৰ, পুতুলি মহন্তকে ধৰি অজাপৰ কেইবা গৰাকীও নেতাই অংশগ্ৰহণ কৰে।

No comments