Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাৰ শান্তিপুৰত শতাধিক লোকৰ ইউপিপিএল দলত যোগদান

  গণ বাৰ্তা,মুছলপুৰ,৩ মাৰ্চ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ৷ এই উপল...

 


গণ বাৰ্তা,মুছলপুৰ,৩ মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ৷ এই উপলক্ষে আজি বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত শান্তিপুৰত দলটোৰ এখন সভা অনুষ্ঠিত হয় ৷ শান্তিপুৰ প্ৰাইমাৰী ইউপিপিএল দলৰ সভাপতি মন্টু ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে উপস্থিত থাকি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনি সমূহৰ বিষয়ে ৰাইজক অৱগত কৰি সকলোৰে সহযোগিতা কামনা কৰে ৷ বিটিচিৰ অধ্যক্ষ গৰাকীয়ে অঞ্চলটোৰ উন্নয়ণৰ বাবে কোনো ভেদাভেদ নাৰাখি কাম কৰিব বুলিও বক্তব্য ৰাখে ৷ মুছলপুৰ জিলা ইউপিপিএল দলৰ সম্পাদক দয়াল শৰণীয়াইও সভাত উপস্থিত থাকি ঝাড়ু মাৰি পথত পৰি থকা গছৰ পাত চাফা কৰাৰ পূৰ্বে মনৰ মাজত থকা দুৰ্নীতিৰ শিপাডাল দলিয়াই পেলাবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ৷ তেওঁ পৰিৱৰ্তনৰ স্বাৰ্থত ইউপিপিএল দলৰ হাতত শক্তিশালী কৰি পাঁচ বছৰ মিত্ৰজোটৰ চৰকাৰখন চলোৱাৰ বাবে সহযোগ কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে আজিৰ সভাত অঞ্চলটোৰ প্ৰায় শতাধিক লোকে দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷ বৰমা বিধানসভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ভূপেন বড়োই সকলোকে ফুলাম গামোছাৰে আদৰণি জনায় ৷ সভাত ইউপিপিএল দলৰ কেন্দ্ৰীয় উপসভাপতি সাধন বৈশ্য, হৰ কুমাৰ মেধিকে ধৰি বাক্সা জিলা মহিলা সমিতিৰ বিষয়-ববীয়াসকল উপস্থিত আছিল ৷

No comments